NORTHEAST NOW (Assamese)
অসম

অসমত ২৭০৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৪৫%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2020 11:16 pm
2579 persons test Covid19 positive in Assam on Tuesday

২৭০৬গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৪৫ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৪৯,৬০৩টা ক’ভিড টেষ্টৰ মাজত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

শেহতীয়াকৈ চিনাক্ত ক’ভিড পজিটিভসকলৰ মাজত আছে কামৰূপ মহানগৰৰ ৭১৯, ডিব্ৰুগড়ৰ ২৬৪, কামৰূপৰ ২৫৮ আৰু নগাঁৱৰ ১৪৫গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৭৫লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলক ধৰি অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৪,৯৪০লৈ বৃদ্ধি পাইছে।

বিপৰীতে অসমত এতিয়ালৈকে ৪৯,৩৮৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৪,৫০১ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।