NORTHEAST NOW (Assamese)
দেশ

মোদীৰ গুজৰাটত দুবছৰত মৃত্যু ২৮৬টা সিংহ আৰু ৪৫৬টা নাহৰফুটুকীৰ : চিন্তিত বিশেষজ্ঞ, প্ৰকৃতিপ্ৰেমী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2025 5:23 pm

গুজৰাটত ভয়ংকৰ হাৰত মৃত্যু হৈছে বন্য জন্তুৰ। গুজৰাটত যোৱা ২ টা বছৰত মৃত্যু হৈছে ২৮৬টা সিংহ আৰু ৪৫৬টা নাহৰফুটুকীৰ

কালি গুজৰাট বিধানসভাত বনমন্ত্ৰী মুলু ভাই বেৰাই কয় যে বিগত দুবছৰত ৰাজ্যখনত ২৮৬টা এছিয়াটিক সিংহ আৰু ৪৫৬টা নাহৰফুটুকীৰ মৃত্যু হৈছে। এই প্ৰাণীবোৰৰ বহুতৰে মৃত্যু হৈছিল অস্বাভাৱিক কাৰণৰ বাবে।

বেৰাই লগতে কয় যে বিভিন্ন দুৰ্ঘটনাত ৫৮টা সিংহ আৰু ১৫৩টা নাহৰফুটুকীৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কুঁৱাত পৰি যোৱা আৰু গাড়ীৰ খুন্দাতেই অধিক জন্তুৰ মৃত্যু হৈছে।

উল্লেখ্য যে গুজৰাটৰ গিৰ বনাঞ্চলতেই আছে বিশ্বৰ সৰ্বাধিক এছিয়াটিক সিংহতথাপিও এইদৰে সিংহৰ অস্বাভাৱিক মৃত্যুৱে এক অশনি সংকেট কঢ়িয়াই আনিছে।

উল্লেখ্য যে জীৱ-জন্তুৰ চিকিৎসাৰ বাবে পশু চিকিৎসক নিয়োগ কৰা, পশু পৰিবহণৰ বাবে এম্বুলেন্স সেৱা আৰম্ভ কৰা আদি বিভিন্ন পদক্ষেপ লোৱা স্বত্বেও গুজৰাট চৰকাৰে জীৱ-জন্তুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই।

জানিব পৰা মতে, গুজৰাটত ২০২৩ চনত ১২১টা সিংহ আৰু ২২৫টা নাহৰফুটুকীৰ মৃত্যু হয় ২০২৪ চনত এই সংখ্যা ক্ৰমে ১৬৫ আৰু ২৩১টালৈ বৃদ্ধি পায়।

২০২০ চনৰ জুন মাহত কৰা লোকপিয়লত নিৰ্ণয় কৰা অনুসৰি ৰাজ্যখনত বৰ্তমান ৬৭৪টা এছিয়াটিক সিংহ আছে।