“২৯ মাৰ্চ- এটা বিশেষ তাৰিখ মোৰ বাবে!” : বীৰেন্দৰ সেহৱাগ, কিয় ক’লে?
টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা বীৰেন্দৰ সেহৱাগৰ বাবে ২৯ মাৰ্চৰ দিনটো বিশেষভাৱে স্মৰণীয়।
একেটা তাৰিখতে চাৰি বছৰৰ ব্যৱধানত তেওঁ ভিন ভিন বিপক্ষ দলৰ বিৰুদ্ধে দুটাকৈ ত্ৰিশতক অৰ্জন কৰিছিল।
প্ৰথমটো আছিল ২০০৪ চনত পাকিস্তানৰ বিৰুদ্ধে মূলতান টেষ্টত কৰা দূৰ্দান্ত ত্ৰিশতক।
আনটো হৈছে ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাই টেষ্টত কৰা ৩১৯ ৰাণ।
সেয়ে সোমবাৰে ২৯ মাৰ্চ উপলক্ষে তাৰকা অপেনাৰগৰাকীয়ে সামাজিক মাধ্যমযোগেৰে এটা প’ষ্ট কৰিছে।
”২৯ মাৰ্চ- এটা বিশেষ তাৰিখ মোৰ বাবে।”- তেওঁ কয়।
উল্লেখযোগ্য যে ২০০৪ চনৰ ২৯ মাৰ্চত তেওঁ টেষ্ট ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হোৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰিছিল।
সেইদিনা তেওঁ তিনিখনীয়া টেষ্ট চিৰিজটোৰ প্ৰথমখন মেচত প্ৰথম ইনিংছত ৫৩০ মিনিট ক্ৰিজত থাকি ৩৭৫টা বলৰ মুখামুখি হৈ ৩০৯ ৰাণ সংগ্ৰহ কৰিছিল।
আনহাতে, একেটা তাৰিখতে ২০০৮ চনত তেওঁ নিজৰে অভিলেখ ভংগ কৰিছিল।
সেইদিনা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩১৯ ৰাণৰ ইনিংছটোৰে তেওঁ এখন টেষ্ট মেচত আটাইতকৈ বেছি স্ক’ৰ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছিল।
তদুপৰি, সেহৱাগে এইক্ষেত্ৰত কিংম্বদন্তি ক্ৰিকেটাৰ ডন ব্ৰেডমেন, ব্ৰায়ান লাৰা আৰু ক্ৰিছ গেইলৰ স’তে একে শাৰীতে অৱতীৰ্ণ হৈছিল- যি টেষ্ট ক্ৰিকেটত একাধিকবাৰ ত্ৰিশতক অৰ্জন কৰিছিল।