NORTHEAST NOW (Assamese)
অসম

দেশত ক’ৰ’না সংক্ৰমণৰ হাৰ সামান্য নিম্নগামী, ২৪ ঘণ্টাত আক্ৰান্ত ৩ লক্ষাধিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2021 11:58 am
index.jpgk

বিগত ২৪ ঘণ্টাত দেশক ক’ৰ’না সংক্ৰমণৰ হাৰ সামান্য নিম্নগামী হোৱা পৰিলক্ষিত হয়।

কেন্দ্ৰীয় সবস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ৰ’নাত আক্ৰান্ত হৈছে ৩ লাখ ৬৮ হাজাৰ ১৪৭ গৰকী লোক।দেওবাৰে এই সমখ্যা আছিল ৩ লাখ ৭২ হাজাৰৰো বেছি।

বিশেষজ্ঞসকলে কোৱা মতে মে’ মাহত কৰ’নাৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাই শীৰ্ষত উপনীত হ’ব। দেশত দৈনিক আক্ৰান্তৰ সংখ্যাই যেন সেই কথাকেই প্ৰমান কৰিবলৈ আগবাঢ়িছে।

বিগত কেইদিনত একেৰাহে দেশত কৰ’নাৰ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। অৱশ্যে আজিৰ দিনটোত সমক্ৰমণৰ হাৰ কিছু কমিছে।

ইয়াৰ ফলত দেশত মুঠ কৰ’নাক্ৰান্তৰ সংখ্যা ১ কোটি ৯৯ লাখ ২৫ হাজাৰ ৬০৪

গৰাকীলৈ বৃদ্ধি পাইছে। মন্ত্ৰ্যালয়ৰ মতে ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা দেশত কৰ’নাক্ৰান্তৰ মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ১৮ হাজাৰ ৯৫৯  গৰাকী।যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩,৪১৭ গৰাকী কোভিড আক্ৰান্তৰ।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩,০০,৭৩২

গৰাকী ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে

১৬,২৯,৩০০৩ গৰাকী।

আনহাতে, ৩৪,১৩,৬৪২ গৰাকী আক্ৰান্ত বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কৰ’নাত মুঠ মৃত্যু হোৱাৰ লোকৰ সংখ্যা হৈছে ২,১৮,৯৫৯ গৰাকী।

বৰ্তমানলৈ দেশত ১৫কোটি ৭১লাখ ৯৮হাজাৰ ২০৭ গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বৰ্তমান দেশত কোভিশ্বিল্ড আৰু কোভাক্সিন ভেকচিন প্ৰদান কৰি থকা হৈছে যদিও শেহতীয়াকৈ ভাৰত আহি পাইছে ৰাছিয়াৰ স্পুটনিক ভি ভেকচিন । এই ভেকচিনো শীঘ্ৰে প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।