NORTHEAST NOW (Assamese)
অসম

নামনি অসমত ভূমিকম্পৰ জোকাৰণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2020 9:41 pm
3.8 magnitude earthquake felt in lower Assam

এক মৃদু ভূমিকম্পৰ জোকাৰণি শনিবাৰে সন্ধিয়া নামনি অসমত অনুভূত হয়।

শনিবাৰে সন্ধিয়া ৮ বাজি ১৮ মিনিট ৩৮ ছেকেণ্ডত অনুভূত হোৱা ভূমিকম্পটোত কোনো ক্ষয়ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।

ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বঙাইগাওঁ।

ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ভূপৃষ্ঠৰ ১০ কি. মি. গভীৰতাত, অক্ষাংশ ২৬.২৪ উত্তৰ আৰু দ্ৰাঘিমাংশ ৯০.৫১ পূবে।

অধিক খবৰৰ বাবে অপেক্ষা কৰি থকা হৈছে।