NORTHEAST NOW (Assamese)
অসম

সুৰক্ষা কৰ্মীয়েই আটক কৰিলে সুৰক্ষা কৰ্মীক! অবৈধ ড্ৰাগছ সৰবৰাহকাৰী ৩ অসম ৰাইফলছৰ তিনি জোৱানক গ্ৰেপ্তাৰ

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও October 22, 2021 2:28 pm
3 Assam Rifles jawan & one civilian held with drugs in Dibrugarh

জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলাৰ ৰক্ষাকাৰী খাকী পোছাক পৰিহিত জোৱানেই অবৈধ কৰ্মৰ বাবে গ্ৰেপ্তাৰ হৈছে খাকী পোছাকধাৰীৰ হাতত।

অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসমত তীব্ৰতৰ অভিযান চলি থকাৰ সময়তে ডিব্ৰুগড়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ অসম ৰাইফলছৰ জোৱানক।

অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই ডিব্ৰুগড়ত অসম ৰাইফলৰ তিনিজন জোৱান আৰু এজন অসামৰিক লোকক ২৬৯ গ্ৰাম হিৰ’ইনসহ গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে সৰবৰাহকাৰী সকলে ব্যৱহাৰ কৰা দুখন বাহনও জব্দ কৰিছে। আৰক্ষীয়ে ডিব্ৰুগড়ৰ পৰা এএছ07এল 4096 নম্বৰৰ এখন বোলেৰ’ আৰু দেৰগাঁওৰ পৰা এনএল11 2673 নম্বৰৰ এখন টাটা জেনন বাহন জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজনক ক্ৰমে ২৩অসম ৰাইফলছৰ ৰঞ্জিত কুমাৰ সিংগা, ১৬অসম ৰাইফলছৰ বিনয় কুমাৰ, ৭ অসম ৰাইফলছৰ জুনুশ খানসকলোইউনিফৰ্ম আৰু পেজলহৌলি ৰুপ্ৰিঅ’ বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্তকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ২০৩৬/২১ ইউ/২২(গ)/২৭এ/২৯ এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰাই কয় যে দলটোক ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰি থকা অৱস্থাত ডিব্ৰুগড়ৰ ওচৰৰ জোকাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছখিনি তিনিচুকীয়াৰ এজন ব্যৱসায়ীক বিক্ৰী কৰিবলৈ আহিছিল বুলি ধৃত জোৱান কেইজনে স্বীকাৰ কৰিছে।

আৰক্ষী বিষয়াজনে সদৰী কৰা মতে জোৱান কেইজনে নাগালেণ্ডৰ পৰা এই সামগ্ৰীখিনি সংগ্ৰহ কৰিছিল। এই ৰেকেটটোৰ সৈতে এটা বৃহৎ গোট জড়িত আছে বুলি সন্দেহ কৰি বিষয়াজনে উচিত তদন্ত চলোৱা হ’ব বুলি জানিবলৈ দিয়ে।