NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2021 4:58 pm

ৰাজ্যত দুৰ্গোৎসৱৰ আনন্দৰ মাজতে কাছাৰ সংঘটিত হৈছে এক ভয়ানক দুৰ্ঘটনা।

বৃহস্পতিবাৰে সন্ধিয়া কাছাৰত এখন যাত্ৰীবাহী অটোৰিক্সাৰ সৈতে এখন দ্ৰুতবেগী ট্ৰাকৰ সংঘৰ্ষত তিনিজন লোক নিহত হয় আৰু প্ৰায় ১০ জন লোক আহত হয়।

কাছাৰ জিলাৰ কাটিগাৰা অঞ্চলত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল।

নিহতসকলক নীলেন্দু পাল, দেৱব্ৰত গোস্বামী আৰু হায়দৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

দ্ৰুতবেগী ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও দুৰ্ঘটনাস্থলীৰ পৰা ১ কিলোমিটাৰ দূৰত ৰখাই থোৱা আন এখন বাহনক খুন্দা মাৰি ৰাস্তাৰ কাষত বাগৰি পৰে।

ট্ৰাকখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা এটা সুৰাৰ বটল উদ্ধাৰ কৰিছে। চালকজন অৱশ্যে পলাই যাবলৈ সক্ষম হয়।

ঘটনাটোত আহতসকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।