NORTHEAST NOW (Assamese)

আন এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা: দুই ৰে’লৰ সংঘৰ্ষত তিনি যাত্ৰী নিহত, ৪০ জনৰো অধিক আহত

October 29, 2023 10:24 pm · এন ই নাও নিউজ, গুৱাহাটী

ইটোৰ পিছত সিটোকৈ ৰে’ল দুৰ্ঘটনাই জোকাৰিছে দেশ। এইবাৰ আন এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত। ৰাজ্যখনৰ ভিজিয়ানগৰ জিলাত দুখন ৰে’লৰ সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাইছে তিনিজন যাত্ৰীয়ে।

এই দুৰ্ঘটনাত লগতে ৪০ জনৰো অধিক যাত্ৰী আহত হয়। বিশাখাপট্টনম-ৰায়াগড়া যাত্ৰীবাহী ৰে’ল আৰু বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাৰ সূত্ৰপাত হয়।

ইষ্ট চেণ্ট্ৰেল ৰেলৱেৰ তথ্য অনুসৰি, ভিজিয়ানগৰৰ পৰা ৰায়াগড়ালৈ যাত্ৰা কৰা এখন ৰে’লে বিশাখাপট্টনমৰ পৰা পালাছালৈ একেটা পথতে যোৱা যাত্ৰীবাহী ৰে’লত খুন্দা মৰাৰ ফলত বিশাখাপট্টনম-ৰায়াগড়া ৰে’লৰ তিনিটা ডবা ৰে’লপথৰ পৰা আঁতৰি যায়।

ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়াৰ ভাষ্য মতে, এইপৰ্যন্ত আহত লোকৰ সঠিক তথ্য পৰা হোৱা নাই। ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি তেওঁ লগতে উল্লেখ কৰে। ইফালে ইষ্ট ক’ষ্ট ৰে’লৱেই অনুসন্ধান অভিযানৰ বাবে তাৎক্ষণিকভাৱে হেল্পলাইন নম্বৰ মুকলি কৰিছে।


এই দুৰ্ঘটনাটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে তাৎক্ষণিক সাহায্য ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিশাখাপট্টনম আৰু ভিজিয়ানগৰৰ নিকটৱৰ্তী জিলাসমূহৰ পৰা তৎকালীনভাৱে এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

আহতসকলৰ বাবে উন্নত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ ওচৰৰ চিকিৎসালয়সমূহত সকলো ধৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related News