NORTHEAST NOW (Assamese)

নিজা সমষ্টিতে নিষিদ্ধ বিধায়ক মৃণাল শইকীয়া, তিনিখনকৈ এজাহাৰ দাখিল, শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী

December 29, 2019 10:54 am · এন ই নাও নিউজ

কা-বিৰোধী আন্দোলনকাৰীৰ ঘৰ জ্বলাবলৈ বিজেপি কৰ্মীক উচটনি দিয়া খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া এইবাৰ ৰোষত পৰিছে নিজ সমষ্টিবাসীৰ।

পূৰ্বেও বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ উদাহৰণ থকা বিধায়কজনক খুমটাই সমষ্টিৰ ঢেকিয়াল আধলীচুকত গাঁওবাসীয়ে প্ৰৱেশ নিষিদ্ধ কৰিলে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা বিধায়কগৰাকীৰ লগতে ‘কা’ সমৰ্থনকাৰী সকলোকে নিষিদ্ধ কৰিছে গাওঁখনত। স্থানীয় গাওঁবাসীয়ে গাঁৱৰ বিভিন্ন স্থানত বেনাৰ-পোষ্টাৰ মাৰি বিধায়কগৰাকীক সকীয়নি প্ৰদান কৰিছে।

ইফালে C(A)A-বিৰোধী আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাকৈ উচটনিমূলক মন্তব্য প্ৰদান কৰা বিতৰ্কিত বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে বৰ্তমানলৈকে বিভিন্ন আৰক্ষী থানাত তিনিখনকৈ এজাহাৰ দাখিল হৈছে।

লখিমপুৰ জিলাৰ কৌশিক কাশ্যপ নামৰ এজন যুৱকে দিচপুৰ আৰক্ষী থানাত মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। একেদৰে বীৰ লাচিত সেনায়ো বিতৰ্কিত বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ আগতে যোৱা ২৭ ডিচেম্বৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ নগৰ সমিতিয়ে আজি শিৱসাগৰ জিলাৰ সদৰ থানাত বিধায়ক মৃণাল হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

উল্লেখযোগ্য যে বিধায়কজনে ডিব্ৰুগড়ৰ চাবুৱাত এখন বিজেপি কৰ্মীসভাত কৈছিল, “ইমান দিনে যি সহ্য কৰিলে কৰিলে, এতিয়া আপোনালোকৰ ঘৰ জ্বলালে আপোনালোকেও জ্বলাব, আপোনালকৰ এজনক মাৰিলে সিহঁতৰ ১০জনক মাৰিব”।

গণতান্ত্ৰিক দেশ এখনৰ জনপ্ৰতিনিধি এজনৰ পৰা এনেকুৱা উচটনি অহাত ছ’চিয়েল মিডিয়া য়ুজাৰেকে ধৰি বিভিন্নজন সমালোচনাত সৰৱ হৈ পৰিছে। লগতে বিভিন্নজনে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related News