NORTHEAST NOW (Assamese)
দেশ

শোকাৱহ! চেনীকলত বাষ্প টেংক বিস্ফোৰণত তিনি শ্ৰমিকৰ মৃত্যু, পাঁচজন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2024 8:16 am
Blast At UP Sugar Mill

উত্তৰ প্ৰদেশৰ সীতাপুৰত সোমবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এটা চেনী কলৰ বাষ্প টেংকত হোৱা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে তিনিজন শ্ৰমিকে।

এই বিস্ফোৰণত লগতে আন পাঁচজন শ্ৰমিক আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সীতাপুৰৰ জৱাহৰপুৰ চেনী কলত এই বিস্ফোৰণ সংঘটিত হয়।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে, কাৰখানাটোত কাম চলি থকা অৱস্থাতে সংঘটিত হয় এই প্ৰাণনাশী বিস্ফোৰণ।

বিস্ফোৰণত আহতসকলক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে নিহতসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এক বিবৃতি যোগে বিস্ফোৰণত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।

তেওঁ লগতে সীতাপুৰ জিলা দণ্ডাধীশক ঘটনাস্থলীত উপস্থিত হৈ আহতসকলৰ সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।