NORTHEAST NOW (Assamese)
Popular Stories

মহাৰাষ্ট্ৰৰ এখন সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পত অগ্নিকাণ্ড : ৩ শ্ৰমিকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 4:56 pm
49tl1ulc_fire-generic_625x300_06_September_18

এখন সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত তিনিজনকৈ শ্ৰমিকৰ নিহত হৈছে।

এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ গ’ণ্ডিয়া জিলাৰ নাভেগাঁও-নাগজিৰা সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পত।

প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়া এম ৰামানুজে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ অনুসৰি বৃহস্পতিবাৰে দিনৰ ১১.৩০ মান বজাত প্ৰকল্পটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

বিষয়াগৰাকীৰ মতে অগ্নিকাণ্ডটো সূত্ৰপাত্ৰ হোৱাৰ পিছতে ৫০ৰ পৰা ৬০ গৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে অহৰহ চেষ্টা কৰি শুকুৰবাৰে সন্ধিয়া ৫ বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

জুই নিৰ্বাপন কৰাৰ পূৰ্বে প্ৰকল্পটোত কৰ্মৰত তিনিগৰাকী শ্ৰমিক ভস্মীভূত হৈ মৃত্যু হৈছে আৰু অন্য দুগৰাকী শ্ৰমিক অগ্নিদগ্ধ হৈ চিকিৎসাধীন হৈ আছে।

অগ্নিদগ্ধ হৈ মৃত্যু হোৱা শ্ৰমিককেইজনক ক্ৰমে ৰাকেশ মাধৱী(৪০), ৰেকচান্দ ৰাণে(৪৫) আৰু শচীন শ্ৰীৰাংগে(২৭) বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মৃত শ্ৰমিককেইজনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মীয়লৈ ৫ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।