NORTHEAST NOW (Assamese)
Popular Stories

পথ দুৰ্ঘটনাত নিহত গৃহাভিমুখী এটি শিশুসহ তিনি শ্ৰমিক : আহত ৪৪ জন প্ৰৱাসী শ্ৰমিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2020 4:58 pm
bh5lk67_car-accident-generic-unsplash-650_625x300_24_January_19

পদব্ৰজে ঘৰলৈ আহি থকাৰ পথত সংঘটিত দুটা পথক পথ দুৰ্ঘটনাত নিহত হৈছে এটি শিশুসহ তিনিজন প্ৰৱাসী শ্ৰমিক।

ইযাৰে এটা  ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুধবাৰে উত্তৰ প্ৰদেশৰ কাণপুৰত।

গুজৰাটৰ আহমদাবাদত প্ৰৱাসী শ্ৰমিকৰূপে কৰ্মৰত ৫৪ গৰাকী প্ৰৱাসী শ্ৰমিকে পৰিয়ালসহ নিজ গৃহ উত্তৰ প্ৰদেশৰ বলৰামপুৰলৈ আহি থকাৰ পথত সংঘটিত হয় এই দুঘৰ্টনাটো।

লালপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাণপুৰ-ঝাঞ্চি ৰাষ্ট্ৰীয় পথত এখন ট্ৰাকে সংঘটিত কৰে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত এটি শিশুসহ দুজন শ্ৰমিক নিহত হোৱাৰ লগতে অন্য ৪৬ জন শ্ৰমিক আহত হয়।

“নিহতসকলক ৰোহিত(২৫), হীৰামন(৫০) আৰু সোমাইয়া(২) বুলি  চিনাক্ত কৰা হৈছে। তেওঁলোক সকলো বলৰামপুৰৰ নিৱাসী।” কাণপুৰ আৰক্ষী অধীক্ষক(কাণপুৰ দেহাত) অনুৰাগ ভাটে কয়।

আহত শ্ৰমিকসকলক কাণপুৰৰ লালা লাজপট ৰয়(LLR) চিকিৎসালয়ত ভৰ্তি কৰোৱ হয়।

আনহাতে চিত্ৰকোটত মঙলবাৰে সংঘটিত আন এটা পথ দুৰ্ঘটনাত মোহন(৪০) নামৰ এজন প্ৰৱাসী শ্ৰমিকো নিহত হৈছে।

তিনিপুত্ৰৰ সৈতে কৰ্মৰত ছত্তিশগড়ৰ ৰায়পুৰৰ পৰা উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ নিজ ঘৰলৈ উভতাৰ পথত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত নিহত হয় লোকজন।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্ধ কৰিছে।