NORTHEAST NOW (Assamese)
Popular Stories

পেংগুইনৰ প্ৰস্ৰাৱেৰে সৃষ্টি হৈছে এণ্টাৰ্কটিকাৰ ৩ শতাংশ বৰফ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2020 1:15 pm

শুভ্ৰ বৰফেৰে ভৰি থকা এণ্টাৰ্কটিকাৰ বৰফৰ ৩ শতাংশই সৃষ্টি হৈছে মেৰু প্ৰদেশৰ বাসিন্দা পেংগুইনৰ প্ৰস্রাৱৰ পৰা। আচৰিত যেন লাগিলেও এয়া সম্পূৰ্ণ সঁচা কথা।

এণ্টাৰ্টিকাৰ ৰহস্য আজিও সম্পূৰ্ণ ৰুপে ভেদ হোৱা নাই। ভাৰত, আমেৰিকা, চীন, ৰাছিয়া আদি দেশ সমূহে এণ্টাৰ্কটিকাৰ ৰহস্য ভেদ কৰিবলৈ সেই স্থানত বৈজ্ঞানিক গৱেষণাগাৰ স্থাপন কৰিছে।

পেংগুইনৰ সৈতে সহাৱস্থান কৰি থকা বিজ্ঞানী সকলে প্ৰাণী বিধৰ কেতবোৰ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।

এণ্টাৰ্কটিকাৰ তাপ মাত্ৰা বছৰৰ সকলো সময়তে শূন্য ডিগ্ৰী চেলচিয়াৰ তলত থাকে।

সেয়ে পেংগুইনে যেতিয়া প্ৰস্রাৱ কৰে তেতিয়া সেই প্ৰস্রাৱ কেতিয়াও বৈ যাব নোৱাৰে।

অত্যধিক শীতৰ বাবে পেংগুইনে কৰা প্ৰস্রাৱ দেহৰ বাহিৰৰ পৰিবেশ পোৱাৰ লগে লগে বৰফলৈ ৰূপান্তৰিত হয়।

এনেদৰে হাজাৰ হাজাৰ বছৰ ধৰি পেংগুইনৰ প্ৰস্রাৱৰ পৰা হোৱা বৰফ লগ লাগি এণ্টাৰ্কটিকাৰ প্ৰায় তিনি শতাংশ বৰফৰ সৃষ্টি হৈছে।

পেংগুইনৰ প্ৰস্রাৱৰ পৰা সৃষ্টি হোৱা বৰফৰ বৰণ ঈষৎ হালধীয়া হয় বুলি বহুতে কৈ আহিছে।

এণ্টাৰ্কটিকাৰ বৰফ উত্তাপত গলি যোৱা অথবা ভাপ হৈ উৰি যোৱাৰো কোনো সম্ভাৱনা নথকাৰ বাবেই যুগ-যুগান্তৰ ধৰি তাত পেংগুইনৰ প্ৰস্রাৱ বৰফৰ ৰুপতে সঞ্চিত হৈ ৰৈছে।