NORTHEAST NOW (Assamese)

কলিয়াবৰত আজি নতুনকৈ কোভিড-১৯ত আক্ৰান্ত ৩ জন লোক

April 21, 2021 8:41 pm · ৰিদিপ শৰ্মা
প্ৰতিনিধিত্বমূলক ফটো।

কলিয়াবৰত আজি কোভিড-১৯ত আক্ৰান্ত ৩ জন  ।

জখলাবন্ধাৰ গৰুবন্ধাৰ এজন লোক আক্ৰান্ত কোভিড-১৯ত।

যোৱা শুকুৰবাৰে নেপালৰ পৰা আহিছিল লোকজন।

ইফালে জখলাবন্ধাৰ কেৰি বাকৰিৰ এগৰাকী মহিলা সহ দুগৰাকী লোক  কভিড-১৯ পজিটিভ ধৰা পৰিছে । তেওঁলোকৰ জখলাবন্ধা চিকিৎসালয়ত কোভিডৰ পৰীক্ষা কৰা হৈছিল।

তিনি গৰাকী আক্ৰান্তকে বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়া হৈছে।

এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২২ লৈ বৃদ্ধি পালে।

Related News