NORTHEAST NOW (Assamese)

অৰুণাচলত শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ৩ জন লোকৰ প্ৰাণহানি

August 16, 2018 3:09 pm · এন ই নাও নিউজ
Updated: August 16, 2018 3:10 pm
প্ৰতিনিধিত্বমূলক ছবি

কালি অৰ্থাৎ ১৫ আগষ্টত ওদালগুৰি জিলাৰ সীমান্তৰ অৰুণাচলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই এখন টাটা ছাফাৰী গাড়ী ৰাস্তাৰ পৰা কেইবাশ ফুট তলত বাগৰি পৰি ৩ জন লোকৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে ওদালগুৰিৰ ৰৌতাৰ পৰা কালি ৭গৰাকী ব্যক্তিয়ে এখন এ এছ ০১-এ ৱাই-৪৪৭৮ নম্বৰৰ টাটা ছাফাৰী বাহন লৈ অৰুণাচললৈ গৈছিল। কিন্তু অৰুণাচলৰ সোতৰশ নামৰ অঞ্চলটোত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাশ ফুট তললৈ বাগৰি পৰে। ফলত বাহনখনত থকা ৩গৰাকী লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।

কালি নিশাই আটাইকেইজন লোকক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় যদিও আহত ৪গৰাকীৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱা লোককেইজনক সৌদেৱ দৈমাৰী, কমল দৈমাৰী আৰু ৰাজু গগৈ বুলি চিনাক্ত কৰা হৈছে।

Related News