NORTHEAST NOW (Assamese)
অসম

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত তিনিখনকৈ দোকান

Posted by: উত্তম শইকীয়া March 29, 2019 10:56 pm
অগ্নিকাণ্ড

বোকাখাত নগৰৰ মাজ মজিয়াত ডিফলু ৰোডৰ তিনিখন দোকানত আজি সন্ধিয়া অগ্নিকাণ্ড সংঘৰ্টিত হয়। ডিফলু ৰোডৰ বিজয় দাস নামৰ যুৱক জনৰ ষ্টেশ্যনাৰী দোকানখনত প্ৰথম অৱস্থা জুই লাগে আৰু পিছত কাষৰ দোকানলৈও জুই প্ৰসাৰিত হয়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰে। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজ আৰু বোকাখাত আৰক্ষীৰ সহযোগত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

কিন্তু অগ্নি নিৰ্বাপন কৰালৈ কেইবালাখ টকাৰ সম্পত্তি বিধ্বংসী অগ্নিকাণ্ডত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে এই অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই বুলিও বাতৰি লিখা পৰলৈকে জানিব পৰা গৈছে।