NORTHEAST NOW (Assamese)
Popular Stories

জম্মু-কাশ্মীৰত মুখামুখি সংঘৰ্ষ, নিৰাপত্তা বাহিনীৰ গুলিত নিহত ৩জন সন্ত্ৰাসবাদী, ১জনৰ আত্মসমৰ্পণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 3:24 pm

জম্মু আৰু কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তা বাহিনীৰ স’তে সংঘৰ্ষত ৩জন সন্ত্ৰাসবাদী নিহত হৈছে।

তদুপৰি সেনাৰ আগত আত্মসমৰ্পণ কৰিছে ১জন সন্ত্ৰাসবাদীয়ে।

কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে এক গোপন সূত্ৰৰ পম খেদি দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ানৰ কানিগ্ৰাম অঞ্চলত বুধবাৰে ৰাতি অভিযান কৰে নিৰাপত্তা বাহিনীয়ে।

নিৰাপত্তা বাহিনীক দেখা পায় গুলিচালনা আৰম্ভ কৰে সন্ত্ৰাসবাদীসকলে।

সন্ত্ৰাসবাদীসকলে গ্ৰেণেডো নিক্ষেপ কৰে।

নিৰাপত্তা বাহিনীয়েও গুলিচালনা কৰে।

বুধবাৰে গোটেই ৰাতি চলে এই সংঘৰ্ষ।

বৃহস্পতিবাৰে পুৱা এই মুখামুখি সংঘৰ্ষ শেষ হয়।

তাৰপাছত দেখা যায় ৩জন সন্ত্ৰাসবাদী নিহত হৈছে।

ভাৰতীয় সেনাই জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীসকল স্থানীয় আল-বদৰ উগ্ৰপন্থীৰ গোষ্ঠীৰ সদস্য।

সদস্যকেইজনে গোষ্ঠীটোত নতুনকৈ যোগ দিছিল।

যিজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিছে, তেওঁৰ নাম তৌফিক আহমেদ।

নিহতসকলৰ চিনাক্তকৰণ চলি আছে।