NORTHEAST NOW (Assamese)
দেশ

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত ভয়ানক বিস্ফোৰণ : ৩ শ্ৰমিকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2025 2:47 pm
উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত ভয়ানক বিস্ফোৰণ : ৩ শ্ৰমিকৰ মৃত্যু

শনিবাৰে উত্তৰ প্ৰদেশৰ নিহাল খেদি অঞ্চলৰ এটা ফটকা কাৰখানাত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৩ জনক শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

শনিবাৰে পুৱাৰ ভাগত নিহাল খেদি অঞ্চলত হোৱা বিস্ফোৰণ শব্দ প্ৰায় দুই কিলোমিটাৰ দূৰলৈকে শুনা পোৱা যায়।

চাহাৰানপুৰৰ জিলা দণ্ডাধীশ মনীষ বংশালে সাংবাদিকক অৱগত কৰে যে এই ঘটনাটো পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হৈছিল আৰু সেই সময়ত তাত কেইবাজনো শ্ৰমিক উপস্থিত আছিল। অগ্নিদগ্ধ হৈ তিনি শ্ৰমিকৰ মৃত্যু হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী জোৱান, ফৰেনছিক দল আৰু অগ্নিনিৰ্বাপক বাহিনীউদ্ধাৰ অভিযানৰ বাবে স্থানলৈ প্ৰেৰণ কৰা হয়

কাৰখানাটোৰ তিনিজন অপাৰেটৰক আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি উল্লেখ কৰি বনছালে কয় যে ইউনিটটোৰ হাতত ফটকা নিৰ্মাণৰ অনুজ্ঞাপত্ৰ থকাৰ বিপৰীতে নিৰ্মাণ কৰা নিৰ্দিষ্ট প্ৰক্ৰিয়া সম্পৰ্কে তদন্ত চলোৱা হৈছে।

যিহেতু সেই সময়ত কাৰখানাটোত মানুহে কাম কৰি আছিল আৰু বিস্ফোৰণৰ বলত অট্টালিকাটো ভাঙি পৰাৰ বাবে বিষয়াসকলে ব্যাপক ক্ষতিৰ আশংকা কৰিছে।

উল্লেখ্য যে অঞ্চলটোত বহু অবৈধ ফটকা কাৰখানা চলি থকা বুলি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল যদিও প্ৰশাসনে এই অভিযোগ গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি খেদ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।