NORTHEAST NOW (Assamese)
অসম

সাজু নহ’ল গান্ধী মণ্ডপৰ ৩০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা : উকা ধ্বজাদণ্ড চাই ঘূৰি গ’ল হতাশ দৰ্শক

Posted by: মুকুট দাস August 15, 2018 12:04 pm
300ft_Flag

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসত আশা কৰা মতে গান্ধী মণ্ডপত নিৰ্মীয়মাণ দেশৰ তৃতীয় সৰ্বোচ্চ ধ্বজাদণ্ডৰ ৰাষ্ট্ৰীয় পতাকা উৰা দেখা নগ’ল। যদিও আজিৰ দিনটোত এই বিশেষ বৈশিষ্ট্যৰ পতাকা চাবলৈ অনেক দৰ্শক আগ্ৰহেৰে ঢাপলি মেলিছিল, তেওঁলোক হতাশ হ’ব লগীয়া হয়। আনকি তেওঁলোকে ইয়াৰ উত্তৰ বিচাৰিবলৈও তাত নাপালে কোনো দায়িত্বশীল বিষয়াক।

উল্লেখযোগ্য যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে স্মাৰ্ট চিটি নিৰ্মাণৰ অংশ স্বৰূপে গান্ধী মণ্ডপত ৩০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণৰ প্ৰকল্প হাতত লৈ ইয়াক নিৰ্মাণৰ দায়িত্ব দিছিল টাটা কনছালটিং ইঞ্জিনীয়াৰছ লিমিটেডক। মুঠ ২.৯১ কোটি টকাৰ ব্যয়েৰে এই স্থায়ী ৰাষ্ট্ৰীয় পতাকা সংস্থাপন কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী অনা হৈছে পুনেৰ পৰা। ধ্বজাদণ্ডৰ উচ্চতা ৩০০ ফুট হোৱাৰ বিপৰীতে পতাকাখনৰ জোখ হ’ব ১২০x৮০ ফুট।

গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে এই ৩০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে উত্তোলন কৰাৰ পৰিকল্পনা কৰিছিল। ফলত আজি স্বাধীনতা দিৱস উদযাপনৰ লগতে এই বিশেষ উচ্চতাৰ পতাকা চাবলৈ সোঁত বৈছিল মানুহৰ।

কিন্তু মূৰকত উপস্থিত ৰাইজে ওপৰলৈ চাই কেৱল উকা ধ্বজাদণ্ডডালহে দেখা পায়। আনহাতে কেইজনমান নিৰ্মাণ কৰ্মীৰ বাদে কোনো দায়িত্বশীল বিষয়া আদিক তাত পোৱা নগ’ল।

মন কৰিব লগীয়া যে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গোটেই দেশতে মুঠ ১০০খন স্মাৰ্ট চিটি নিৰ্মাণৰ যি আঁচনি লৈছে তাত অসমৰ গুৱাহাটী মহানগৰো অন্তৰ্ভুক্ত হৈছে। মহানগৰখনক স্মাৰ্ট চিটিৰ ৰূপ দিয়াৰ বাবে ইতিমধ্যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড গঠন কৰা হৈছে আৰু ইয়াৰ কাম চলি আছে।

স্থানীয় লোকে অভিযোগ কৰামতে, নিৰ্মাণৰ দায়িত্বত থকা পক্ষটোৱে দায়িত্বসহ কাম নকৰা বাবেই আজি এইদৰে হতাশ হ’ব লগীয়া হয় অঞ্চলটোৰ ৰাইজ। ৰঙীন পোচাকত উল্লাসত অহা শিশুবোৰৰ মুখতো দেখা যায় হাতাশা।

“নিৰ্মাণৰ দায়িত্বত থকা কৰ্তৃপক্ষই পলমকৈ কাম আৰম্ভ কৰিলে, যাৰ বাবেই আজি আমি এটা ভাল দৃশ্য চোৱাৰ আশাটো পূৰ নহ’ল।” এইদৰে কয় দিলীপ হাজৰিকা নামৰ এজন স্থানীয় লোকে।

“গুৱাহাটীত দেশৰ তৃতীয় সৰ্বোচ্চ পতাকা উৰিব বুলি বাতৰিটো প্ৰচাৰ হোৱাৰ পিছত মানুহবোৰ উৎসাহী হৈ পৰিছিল। কিন্তু আজি আমি সকলোৱেই হতাশ। গান্ধী জয়ন্তীৰ দিনা হয়তো এই পতাকা উত্তোলন দেখিবলৈ পাব পাৰো। যিদিনাই নহওক, মানুহবোৰ কিন্তু বৰ আগ্ৰেহেৰে এইটো চাবলৈ ৰৈ আছে।” নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে ক’লে লক্ষ্যধৰ শৰণীয়া নামৰ এজন স্থানীয় যুৱকে।

আনহাতে আজিৰ এই পৰিস্থিতিৰ বিষয়ে জানিবলৈ গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড কৰ্তৃপক্ষক নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও কোনোজন বিষয়াই ফোন ৰিচিব নকৰিলে।