NORTHEAST NOW (Assamese)

ভূস্বৰ্গত সক্ৰিয় ৩০০ পাক সন্ত্ৰাসবাদী! পাক অধিকৃত কাশ্মীৰ পুনৰুদ্ধাৰৰ প্ৰস্তাৱ ১৯৯৪ চনৰে প্ৰস্তাৱঃ সেনা বিষয়াৰ মন্তব্য

November 24, 2022 11:20 am · এন ই নাও নিউজ,গুৱাহাটী

পাক অধিকৃত কাশ্মীৰ পুনৰুদ্ধাৰৰ প্ৰস্তাৱ ১৯৯৪ চনৰে প্ৰস্তাৱ। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এতিয়া সজোৰে পাক অধিকৃত কাশ্মীৰ পুনৰুদ্ধাৰৰ কথা কৈ আহিছে যদিও এয়া নতুন কথা নহয়। ১৯৯৪ চনতে ভাৰতত সংসদত পাক অধিকৃত কাশ্মীৰ পুনৰুদ্ধাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এই মন্তব্য নৰ্দাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ, লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ।

সেনা বিষয়াগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰত প্ৰায় ৩০০ জন সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে। আন ১৬০ জন সন্ত্ৰাসবাদীয়ে নিয়ন্ত্ৰণ ৰেখাৰে পাকিস্তানৰ পৰা কাশ্মীৰত প্ৰৱেশৰ বাবে অপেক্ষা কৰি আছে।

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে ২০১৯ চনৰ আগষ্ট মাহত কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পৰিস্থিতিলৈ পৰিৱৰ্তন আহিছে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে।ইপিনে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলিছে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান। এই উদ্দেশ্যতে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা সেনা-আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে।

নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে। এই বিবৃতি অনুসৰি এই বৰ্ষত এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ অভিযানকাৰী দলে।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৰ্বাধিক সংখ্যক সদস্য নিহত হৈছে।

লস্কৰ-ই-তৈবাৰ ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছে বুলি তেওঁ সদৰি কৰে।

কুমাৰে লগতে কয় যে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা সন্ত্ৰাসবাদীৰ সংখ্যা বিগত বছৰত প্ৰথমচোৱা সময়তকৈ দুগুণ।

যোৱা বৰ্ষৰ প্ৰথম পাঁচ মাহত সন্ত্ৰাসবাদ বিৰোধী অভিযানত এজন বিদেশী সদস্যসহ ৫০ জন সন্ত্ৰাসবাদী নিহত হৈছিল বুলি তেওঁ বিবৃতিটোত উল্লেখ কৰে।

Related News