NORTHEAST NOW (Assamese)
অসম

গুজৰাটৰ স্বামীনাৰায়ণ মন্দিৰে কোভিড ৰোগী আৰু চিকিৎসা কৰ্মীক দিব ভক্তসকলে মন্দিৰলৈ আগবঢ়োৱা ৩০০০ কিলোগ্ৰাম আপেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 7:39 pm
গুজৰাটৰ স্বামীনাৰায়ণ মন্দিৰে কোভিড ৰোগী আৰু চিকিৎসা কৰ্মীক দিব ভক্তসকলে মন্দিৰলৈ আগবঢ়োৱা ৩০০০ কিলোগ্ৰাম আপেল

গুজৰাটৰ ৰাজধানী আহমেদাবাদৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰে ভক্তসকলে আগবঢ়োৱা প্ৰায় ৩০০০ কিলোগ্ৰাম আপেল কোভিড ৰোগী আৰু চিকিৎসা কৰ্মীসককলৈ আগবঢ়াব।

কোভিড মহামাৰীৰ বাবে দীৰ্ঘসময় ধৰি বন্ধ হৈ থকাৰ পাছত শ্ৰী স্বামীনাৰায়ণ মন্দিৰ আজি ভক্ত সকলৰ বাবে মুকলি কৰি দিয়া হৈছিল।

ভক্ত সকলৰ বাবে মন্দিৰৰ দুৱাৰ মুখ মুকলি কৰি দিয়াৰ পাছতে মন্দিৰত পুজা আগবঢ়োৱাৰ বাবে ভক্ত সকল উপস্থিত হয় আৰু এদিনতে প্ৰায় ৩০০০ কিলোগ্ৰাম আপেল ভক্তসকলে আগবঢ়ায়।

পৰৱৰ্তী সময়ত মন্দিৰ পৰিচালনা কমিটিয়ে আপেল সমূহ মন্দিৰ চৌহদত সজায় থয়।

”পূজাৰ পাছতে মন্দিৰলৈ আগবঢ়োৱা আপেল সমূহ কোভিড ৰোগী আৰু স্বাস্থ্যকৰ্মীলৈ আগবঢ়োৱা হ’ব,” এগৰাকী পুজাৰীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে দেশৰ বিভিন্ন ধৰ্মীয় স্থান সমূহ দীৰ্ঘসময় ধৰি বন্ধ ৰখা হৈছিল।