NORTHEAST NOW (Assamese)

তৃতীয় পৰ্যায়ৰ পৰীক্ষণ; উত্তৰ প্ৰদেশত ৩০০০ স্বেচ্ছাসেৱক গ্ৰহণ কৰিব ‘কোভাক্সিন’

September 30, 2020 12:35 pm · এন ই নাও নিউজ
Updated: September 30, 2020 12:37 pm

ক’ৰ’না ভাইৰাছৰ ভেকচিন কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে ৩০০০ স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিব বুলি মঙলবাৰে মন্তব্য প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী জয় প্ৰতাপ সিঙে।

ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে অক্টোবৰৰ প্ৰথম ভাগত লক্ষ্নৌ আৰু গৌৰখপুৰত কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হ’ব বুলি উল্লেখ কৰিছিল।

ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এম আৰ আৰু ভাৰত বায়োটেকে কোভাক্সিন প্ৰস্তুত কৰি আছে।

ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্দ্ধনে ২০২১ চনৰ প্ৰথম তিনিমাহৰ ভিতৰত দেশত ক’ৰ’না ভাইৰাছৰ ভেকচিন উপলব্ধ হ’ব বুলি উল্লেখ কৰি বৰ্তমান সময়ত ভাৰতত তিনিটা ভেকচিনৰ পৰীক্ষণ চলায় থকা হৈছে বুলি কয়।

কোভাক্সিনৰ উপৰিও অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক’ৰ’না ভাইৰাছৰ ভেকচিনৰো ভাৰতত পৰীক্ষণ চলাই থকা হৈছে।

Related News