NORTHEAST NOW (Assamese)

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; পুৱা ১১ বজালৈকে ৩৩.১৮শতাংশৰ ভোটদান

April 6, 2021 12:00 pm · এন ই নাও নিউজ

ৰাজ্যত আজি অনুষ্ঠিত হোৱা অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত পুৱা ১১বজালৈকে ভোটদানৰ হাৰ হৈছে ৩৩.১৮শতাংশ।

ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।

ভোটদানৰ হাৰ ক্ৰমে বৃদ্ধি পোৱাৰ আশা কৰা হৈছে কিয়নো ভোটকেন্দ্ৰসমূহত ভোটাৰে দীঘলীয়া শাৰী পাতি ভোটদান দিবলৈ ৰৈ থকা দেখা গৈছে।

আজি ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত অৰ্থাৎ পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ আছিল ১২.৮৩ শতাংশ।

ইপিনে, পুৱা ১১ বজালৈকে কামৰূপ(ম) জিলাৰ ভোটদানৰ হাৰো প্ৰকাশ কৰা গৈছে।

সেই অনুসৰি, জালুকবাৰীত ৩২ শতাংশ, দিছপুৰ ২৯ শতাংশ, পূৱ গুৱাহাটী ২৭শতাংশ আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিত ২৯ শতাংশ ভোটদান হৈছে।

কামৰূপ (ম) জিলা বিশেষকৈ গুৱাহাটী মহানগৰীৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা পোৱা গৈছে।

ইপিনে, ছয়গাঁৱত ৮০ বছৰৰ উৰ্ধৰ মহিলাসকলক ভোটদানৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীৰ লোকসকলে সহায় কৰা দেখা যায়।

উল্লেখ্য যে ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা আজিৰ ভোটগ্ৰহণৰ সামৰণি পৰিব সন্ধিয়া ৬ বজাত।

Related News