NORTHEAST NOW (Assamese)
অসম

অসম চুক্তিৰ ৩৩ বছৰ : আজি অসম আন্দোলনৰ ৮৫৫জন চহিদক সোঁৱৰিব আছুৱে

Posted by: এন ই নাও নিউজ August 14, 2018 8:09 am
AASU on India's New Education Policy 2020

১৯৮৫ চনৰ ১৫ আগষ্ট দিনটো অসমৰ বাবে ঐতিহাসিক দিন। কিয়নো দীৰ্ঘদিনীয়া অসম আন্দোলনৰ পাছত উক্ত দিনটোতে সম্পাদিত হৈছিল অসম চুক্তি। কাইলৈ সমগ্ৰ দেশবাসীয়ে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে অসম চুক্তিয়েও সম্পূৰ্ণ কৰিব ৩৩ বছৰ।

অসম চুক্তি সম্পাদিত হোৱাৰ ৩৩ বছৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই আজি সন্ধিয়া প্ৰতিখন জিলা, মহকুমা আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাব অসম আন্দোলনৰ চহিদসকলক।

এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অতি স্পষ্ট আৰু দৃঢ়তাৰে কয় যে অসম চুক্তি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি অসমৰ বিদেশী নাগৰিক, ভাৰত-বাংলাদেশ আদি জ্বলন্ত সমস্যা সমূহ সমাধান কৰিবই লাগিব। জাতিৰ বাবে নিজকে উৎসৰ্গা কৰি দিয়া ৮৫৫ জন চহিদৰ তেজ আৰু হাজাৰ হাজাৰ নিৰ্যাতিতাৰ ত্যাগ আমি অথলে যাব নিদিওঁ।

ইফালে ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মণি মাধৱ মহন্ত আৰু সম্পাদক লুৰীণজ্যোতি গগৈয়ে আক্ষেপ কৰি কয় যে আজিলৈ অসম চুক্তি অনুসৰি একো এটা কামেই নহ’ল। চুক্তি অনুসৰি জনজাতীয় বেল্ট, অৰ্থনৈতিক ৰক্ষাকৱচ, ব্লক, চৰকাৰী মাটি, বনাঞ্চল, সত্ৰ মাটি আজি পৰ্যন্ত সুৰক্ষিত নহ’ল। আনকি অশোক কাগজ কলটো মুকলি নোহোৱাটো অসমৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

নেতাদ্বয়ে লগতে কয় যে বিগত ৩৩ বছৰে দিল্লী-দিচপুৰত সকলো ৰাজনৈতিক দলৰেই চৰকাৰ আছিল। কিন্তু কোনো এটা দলে অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ সৎ সাহস দেখুৱাব নোৱাৰিলে।

ইফালে উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা নাগৰিকপঞ্জীৰ জৰিয়তে অবৈধ বাংলাদেশী মুক্ত এখন শুদ্ধ নাগৰিকপঞ্জী পাব বুলি অসমৰ ৰাইজে আশা প্ৰকাশ কৰা বুলিও মন্তব্য কৰে।