NORTHEAST NOW (Assamese)
দেশ

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 8, 2025 3:26 pm
চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

মঙলবাৰে বিহাৰ চৰকাৰে ৰাজ্যখনৰ থলুৱা মহিলাসকলৰ বাবে ৩৫ শতাংশ সংৰক্ষণৰ কথা ঘোষণা কৰে।

বিহাৰৰ মুখ্য সচিব এছ সিদ্ধাৰ্থই কয় যে বিহাৰৰ সকলো চৰকাৰী সেৱা কেডাৰৰ সকলো স্তৰৰ সকলো ধৰণৰ পদত প্ৰত্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ থলুৱা মহিলাসকলক ৩৫ শতাংশ সংৰক্ষণ প্ৰদান কৰা হ’ব।

ইয়াৰ সমান্তৰালকৈ বিহাৰ চৰকাৰে বিহাৰ যুৱ আয়োগ গঠনৰ কথা ঘোষণা কৰে।

মুখ্য সচিবগৰাকীয়ে কয় যে বিহাৰ যুৱ আয়োগৰ এজন অধ্যক্ষ, দুজন উপাধ্যক্ষ আৰু সাতজন সদস্য থাকিব, যাৰ বয়সৰ সৰ্বোচ্চ সীমা হ’ব ৪৫ বছৰ।