NORTHEAST NOW (Assamese)
অসম

নগাঁৱত পুনৰ প্ৰশাসনৰ বুলড’জাৰ : পুনৰ উদ্ধাৰ ৩৮ বিঘা বেদখলীকৃত বনভূমি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2025 6:12 pm

শুকুৰবাৰে নগাঁও জিলা প্ৰশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত ৰূপহীহাটত এক উচ্ছেদ অভিযান চলায়। এই অভিযানত অবৈধভাবে বসবাস কৰা কেইবাটাও পৰিয়ালক উচ্ছেদ কৰি দখলীকৃত ৩৮ বিঘা চৰকাৰী তথা বনভূমি পুনৰ উদ্ধাৰ কৰে।

উল্লেখ্য যে যোৱা ২৯ নৱেম্বৰত নগাঁৱৰ লুটামাৰী অঞ্চলত একেধৰণৰ উচ্ছেদ অভিযান চলাইছিল।

প্ৰশাসনে জনোৱা মতে, এই অভিযানত খাতুৱাল মৌজাৰ ভকতগাঁৱৰ অন্তৰ্গত বনভূমিত উচ্ছেদ চলোৱা হৈছিল।

এই উচ্ছেদৰ পূৰ্বে ১০০ৰো অধিক পৰিয়ালক জাননী জাৰি কৰি উচ্ছেদৰ পূৰ্বে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

চাৰিখন বুলড’জাৰেৰে উচ্ছেদ কৰা এই অভিযানৰ সময়ত ১০০০ৰো অধিক নিৰাপত্তাৰক্ষী উপস্থিত থাকে।

কৰ্তৃপক্ষই জনোৱা মতে, বেদখল কৰা মাটিৰ প্ৰায় ৮০% পৰিয়ালসমূহে নিজেই মুকলি কৰি দিছে। বাকী পৰিয়াল সমূহেও উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে নিজেই সেই স্থান ত্যাগ কৰে।