NORTHEAST NOW (Assamese)
অসম

নেপাললৈ কাম বিচাৰি গৈ দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয়ক উদ্ধাৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 12, 2022 3:10 pm

কামৰ সন্ধানত নেপাললৈ গৈ কাম নাপাই দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয় লোকক উদ্ধাৰ নেপাল আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতক গটাই দিছে।

জানিব পৰা মতে ভাৰতীয় লোক কেইজনে নেপালৰ ইটাভাটাত কাম কৰাৰ বাবে গৈছিল।। উদ্ধাৰ কৰা ৩৮ গৰাকী ভাৰতীয়ৰ ভিতৰত মহিলা আৰু শিশুও আছে।

নেেপাল আৰক্ষীয়ে প্ৰকাশ কৰা মতে নেপালৰ ৰাউতাহাট অঞ্চলৰ ইটাভৈটাত কাম কৰিবলৈ লোককেইজনে ভাৰতৰ পৰা আহিছিল৷ উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।

তেওঁলোকৰ ভিচতৰত ২০ জন পুৰুষ আৰু ১৮ টি শিশু তথা মহিলা আছে। কিছুদিন ধৰি তেওঁলোকক ইটা ভাটাটোত কাম কৰিবলৈ দিয়া হোৱা নাছিল।

ৰাউতাহাটৰ উপ আৰক্ষী অধীক্ষকে কয় যে ভাৰতীয় লোককেইজনক সুকলমে উদ্ধাৰ কৰা হৈছে।

তেওঁ লগতে কয় যে উদ্ধাৰ কৰা ভাৰতীয়সকলৰ প্ৰয়োজনীয় কাগজপত্ৰ পৰীক্ষা কৰাৰ পিছত বিহাৰৰ সীতামাঢ়ী জিলাৰ বৈৰগনিয়াত সশস্ত্ৰ সীমা বলৰ হাতত গটাই দিয়া হয়।