NORTHEAST NOW (Assamese)

Earthquake পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল

November 20, 2021 1:31 pm · এন ই নাও নিউজ, গুৱাহাটী

Earthquake শনিবাৰে দিনৰ ১বাজি ১২ মিনিটত অহা এটা ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল।

প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য ৪.১ মেগনিটিউড বুলি কোৱা হৈছে।

ভূমিকম্পটোৰ গভীৰতা ভূগৰ্ভৰ ১০ কিলোমিটাৰ তলত বুলি জানিব পৰা গৈছে।

আনহাতে, ভূমিকম্পটোৰ উৎপত্তিস্থল গুৱাহাটীৰ পৰা ২৮ কিলোমিটাৰ আঁতৰত বুলি কোৱা হৈছে।

ভূমিকম্পটোৱে অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে পশ্চিমবংগতো কঁপাই গৈছে।

জানিব পৰা মতে ভূমিকম্পটোৰ জোকাৰণি মধ্য অসম তথা নামনি অসমত অধিক হোৱা বুলি জানিব পৰা গৈছে।  

Related News