NORTHEAST NOW (Assamese)

নৈশ বাছত এহাল ভিন্ন ধৰ্মৰ দম্পতীক আক্ৰমণ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪ অভিযুক্তক

April 3, 2021 1:16 pm · এন ই নাও নিউজ
Updated: April 3, 2021 1:18 pm

এহাল ভিন্ন ধৰ্মৰ দম্পতীক আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত ৪ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে মাংগালুৰুৰ পৰা বাংগালুৰুলৈ নৈশ বাছেৰে গৈ থকা অৱস্থাত ভিন্ন ধৰ্মৰ দম্পতী হালক চাৰিজন লোকে আক্ৰমণ কৰে।

ইতিমধ্যে পীড়িত দম্পতী হালৰ অভিযোগৰ ভিত্তিত মাংগালুৰু আৰক্ষীয়ে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্তকেইজন ক্ৰমে বালাচন্দ্ৰ(২৮), ধনুশ ভাণ্ডাৰী(২৫), জয়প্ৰশান্ত(২৭) আৰু অনিল কুমাৰ(৩৮) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

মাংগালুৰু আৰক্ষী থানাৰ বিষয়া শশী কুমাৰে জনোৱা অনুসৰি মাংগালুৰুৰ পৰা বাংগালুৰুলৈ নৈশ বাছেৰে আহি থকা অৱস্থাত দম্পতীৰ হালৰ মহিলাগৰাকীক ভিন্ন ধৰ্মৰ বুলি জানিব পাৰি উক্ত চাৰি অভিযুক্তই দম্পতী হালক শাৰীৰিকভাৱে অত্যাচৰ চলাইছিল।

Related News