NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লিফলেট বিতৰণৰ অভিযোগ: বিধায়কৰ পিএসহ ৪ জনক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2026 4:12 pm

গুৱাহাটীৰ দিশপুৰ আৰক্ষীয়ে দেওবাৰে নিশা এক বিশেষ অভিযান চলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক সমল থকা লিফলেট কঢ়িয়াই অনা এটা ট্ৰাক জব্দ কৰাৰ লগতে চাৰিজন ব্যক্তিক আটক কৰিছে। মহানগৰীৰ ডাউন টাউন অঞ্চলৰ এটা ফ্লেটৰ পৰা নিশা প্ৰায় ১:৩০ বজাত এই লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ ঘটনাৰ সৈতে লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ বিধায়ক আসিফ মহম্মদ নজৰৰ নাম সাঙোৰ খাই পৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আটক কৰা চাৰিজন ব্যক্তিৰ ভিতৰত ৰেকিব হক নামৰ এজন যুৱক আছে যি বিধায়কগৰাকীৰ ব্যক্তিগত সহায়ক বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি অক্ষয় বৰদলৈ, পি বৰদলৈ আৰু বিধায়কগৰাকীৰ ৰান্ধনী জয়নাল আবেদিনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ ইউপি ৭৫ বিটি ৯৫৮৯ বুলি জানিব পৰা গৈছে।

বৰ্তমান চাৰিওজন অভিযুক্তকে দিশপুৰ থানাত ৰখা হৈছে আৰু আৰক্ষীয়ে তেওঁলোকক সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জব্দ কৰা লিফলেটসমূহ পৰীক্ষা কৰি থকাৰ লগতে এই আপত্তিজনক সামগ্ৰীসমূহ ক’ৰ পৰা ছপা কৰা হৈছিল সেই সন্দৰ্ভতো তদন্ত চলাই আছে। এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।