NORTHEAST NOW (Assamese)

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

January 20, 2021 1:40 pm · নিৰ্মলেন্দু পাঠক
Updated: January 20, 2021 5:10 pm

উন্নয়ন সকলোৰে কাম্য যদিও পৌৰাণিক কীৰ্তি চিহ্ন ধ্বংস কৰি উন্নয়ন কোনেও নিবিচাৰে ।

যোৰহাট জিলাৰ টীয়কত পূৰ্ণ গতিত চলিছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ভাঙি ছিঙি পেলোৱা হৈছে এটাৰ পাছত আন এটা ঐতিহাসিক কীৰ্তি চিহ্ন ।

বৰ্তমান টীয়ক নগৰৰ ১ নং ৱাৰ্ডত অৱস্থিত মুদৈজান নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলঙে নদীৰ গতিপথ সলনি কৰাৰ উপক্ৰম ঘটাইছে আৰু ভাবুকিৰ সৃষ্টি কৰিছে ঐতিহাসিক কমলাবাৰী শাখা সত্ৰৰ তোৰণ আৰু খতিয়া চুক পথলৈ।

কেইবাখনো গাঁও সংযোগী যাতায়তৰ একমাত্ৰ পথটি বাৰিষা নদীৰ বানে উটুৱাই নিয়াৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।

কাৰণ নিৰ্মাণকাৰী সংস্থাটোৱে নদীখনৰ পূৰ্বৰ গতিপথ সলনি কৰা পৰিলক্ষিত হৈছে।

সেয়ে উক্ত অঞ্চলৰ ৰাইজে ঐতিহাসিক সমলসমূহৰ ৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিছে লগতে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Related News