NORTHEAST NOW (Assamese)
দেশ

মধ্যপ্ৰদেশত কিশোৰীক চাৰি দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণ: অভিযুক্তৰ অন্যতম বিজেপি নেতাৰ পুত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2023 1:39 pm
Gang-Rape in Madhya Pradesh

আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে দেশ। এইবাৰ এই লজ্জাজনক কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ দতিয়া জিলা। জিলাখনত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে। এই চাৰি অভিযুক্তৰ ভিতৰত আছে এগৰাকী বিজেপি নেতাৰ পুত্ৰ।

চাৰি অভিযুক্তই লগতে কিশোৰীগৰাকীৰ নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। চাৰিটা অভিযুক্তৰ ভিতৰত মধ্যপ্ৰদেশৰ ও আছে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ সমষ্টিতে সংঘটিত হৈছে এই কাণ্ড।

এই ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয় স্থানীয় লোকে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত স্থানীয় আৰক্ষী থানা ঘেৰাও কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই আতিশয্যৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল।

দতিয়াৰ আৰক্ষী অধীক্ষকে সদৰী কৰা মতে, চাৰি অভিযুক্তই নিৰ্যাতিতা দুই ভগ্নীক অপহৰণ কৰি এটা ঘৰলৈ লৈ যায় আৰু জেষ্ঠ্য ভগ্নীক ধৰ্ষণ কৰে। এই চৰম আতিশয্যৰ পিছত দুয়ো ভগ্নী ঘৰলৈ উভতি যায় আৰু ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলায়।

আনহাতে কনিষ্ঠ ভগ্নীয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তৎকালীন অভিযান চলাই এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু আন দুগৰাকী কিশোৰক আটক কৰে। পলাতক আনগৰাকী অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইফালে ভুক্তভোগী দুই ভগ্নীক উত্তৰ প্ৰদেশৰ ঝান্সিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে। ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ লগতে পচকৌ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ লগতে কয়।