NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ডিমৌত ভয়ংকৰ দুৰ্ঘটনা; পতি-পত্নী আৰু কণমানি পুত্ৰকে ধৰি ৪জনৰ থিতাতে মৃত্যু

February 16, 2019 9:09 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: February 17, 2019 8:07 am
দুৰ্ঘটনাত প্ৰায় পিষ্ট হৈ পৰা এল্টখন।
আজি সন্ধিয়াৰ ভাগত শিৱসাগৰৰ ডিমৌৰ বামুণবাৰী নামৰ টাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হোৱা এটা ভয়ংকৰ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমাণি পুত্ৰ আৰু এগৰাকী মহিলাকে ধৰি ৪জন লোকৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, ডিমৌৰ বামুণবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা  AS 01 J 4188 নম্বৰৰ এখন বাছ আৰু  AS 03 9633 নম্বৰৰ এখন এল্টোৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে এল্ট’খনত যোৱা ৫জন লোকৰ ভিতৰত ৪জনেই থিতাতে নিহয় হয়। আনজন গুৰুতৰভাৱে আহত হয়।
নিহতসকল ডিমৌৰ পালেঙীৰ প্ৰাঞ্জল দুৱৰী, তেওঁৰ পত্নী শ্ববনম দুৱৰী, কণমাণি পুত্ৰ বিস্তৱ দুৱৰী আৰু টিয়ক চেলেংহাট হালোৱাপথাৰ গাঁৱৰ অকণি তামুলী।
উল্লেখযোগ্য যে, চেলেংহাটৰ পৰা অকণি তামুলী নামৰ মহিলাগৰাকী পুত্ৰ বিজিত তামুলীৰ সৈতে ডিমৌৰ পালেঙীৰ জীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহি জী (শ্ববনম দুৱৰী) জোঁৱাই (প্ৰাঞ্জল দুৱৰী), নাতি(বিস্তৱ দুৱৰী) সহ ঘৰলৈ ওভতাৰ পথত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
গাড়ীখনত থকা বিজিত তামুলীৰ বাদে চাৰিওজনেই নিহত হয়। গুৰুতৰভাৱে আহত বিজিত তামুলী বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News