NORTHEAST NOW (Assamese)
দেশ

ধৰ্ষণৰ বলি ৪ বছৰীয়া দলিত শিশু : ধৰ্ষক খোদ আৰক্ষী উপ-পৰিদৰ্শক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 11, 2023 6:49 pm

আৰক্ষীৰ খাকী পোকাচত কলা দাগ লগালে এজন আৰক্ষী উপ-পৰিদৰ্শকে। দলিত সম্প্ৰদায়ৰ এগৰাকী ৪ বছৰীয়া নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

ৰাজস্থানৰ দৌছাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, নিৰ্যাতিতা নাবালিকাগৰাকী আৰু অভিযুক্ত আৰক্ষী বিষয়াজন একেটা ঘৰতে বাস কৰে। সেই সুযোগতে নিজৰ কোঠাৰ ভিতৰত সোমোৱাই প্ৰায় এঘন্টা ধৰি যৌন নিৰ্যাতন চলাই কলংকিত বিষয়াজনে। 

শুকুৰবাৰে বিয়লি অভিযুক্তই চাৰি বছৰীয়া কন্যা শিশুটিক প্ৰলোভিত কৰি কোঠাৰ ভিতৰলৈ নি এই পৈশাচিক কাণ্ড সংঘটিত কৰে।

শিশুটি ৰক্তাক্ত অৱস্থাত উভটি অহা দেখি পিতৃ-মাতৃয়ে সোধ–পোচ কৰি ঘটনাৰ বিষয়ে জানিব পাৰে।

ইয়াৰ পিছতেই শিশুটিৰ পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰীয়াই ক্ষুব্ধ হৈ আৰক্ষী বিষয়া জনক ঘৰৰ পৰা উলিয়াই আনি তীব্ৰ প্ৰহাৰ কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে।

নিৰ্যাতিত শিশুটি আৰু তেওঁৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উপ-পৰিদৰ্শকজনক।

আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে শিশুটিৰ চিকিৎসা পৰীক্ষা কৰা হ’ব। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।