NORTHEAST NOW (Assamese)
Popular Stories

‘ক’ৰ’নোত্তৰ ভাৰতত দৰিদ্ৰতাৰ কৱলত পৰিব ৪০ কোটি অসংগঠিত ভাৰতীয় শ্ৰমিক’, ILO

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2020 3:20 pm
unnamed

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত ভাৰতত প্ৰায় ৪০ কোটি শ্ৰমিক দৰিদ্ৰ সীমাৰেখাৰ তললৈ পৰ্যবসিত হ’ব। এই কথা ঘোষণা কৰিছে জেনেভাস্থিত আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংঘ(ILO)ই।

ILOৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বত প্ৰায় ২.৭ বিলিয়ন শ্ৰমিক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনৰ দ্বাৰা প্ৰভাম্বিত হৈছে।

ILOৰ মতে ইতিমধ্যে কোবিড১৯ আতংকৰ ফলত ভাৰত, নাইজেৰিয়া, ব্ৰাজিলৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকল অৰ্থনৈতিকভাৱে অতি সাংঘাতিকভাৱে বিপৰ্যস্ত হৈছে।

ভাৰতত প্ৰায় ৯০ শতাংশ শ্ৰমিকেই অসংগঠিত খণ্ডৰ শ্ৰমিক। ক’ৰ’নাতংকৰ অৰ্থনৈতিক সংকটৰ পিছত ভাৰতৰ অসংগঠিত খণ্ডৰ এই ৪০ কোটি শ্ৰমিকৰ জীৱন দৰিদ্ৰ সীমাৰেখা তললৈ নিম্নগামী হ’ব।

ILOএ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ উদ্ধৃতি দি কৈছে যে কোবিড১৯ৰ আতংকৰ বাবে কৰ্মস্থলীৰ পৰা গৃহাভিমুখে যাত্ৰা কৰা অসংগঠিত শ্ৰমিকসকলক প্ৰয়োজনীয় চৰকাৰী সঁহাৰিৰ প্ৰদান কৰাও হোৱা নাছিল। যাৰ বাবে উক্ত শ্ৰমিকসকল অধিকভাৱে ক্ষতিগ্ৰস্ত হৈছে।

হঠাৎ ঘোষণা কৰা ল’কডাউনৰ ফলস্বৰূপে অসংগঠিত শ্ৰমিকসকল কৰ্মস্থলীৰ পৰা নিজৰ শ শ কিলোমিটাৰ দূৰত্ব খোজেৰে অতিক্ৰম কৰি নিজ গৃহত উপস্থিত হৈছিল।

ILO ৰ মতে সুনিৰ্দিষ্ট আঁচনিৰ অবিহনে ভাৰতৰ অসংগঠিত শ্ৰমিকসকলৰ জীৱিকাৰ  এই সংকট মোচন কৰা সম্ভৱ নহ’ব।