NORTHEAST NOW (Assamese)
অসম

আৰ্থিক সংকট: অতি ধনাঢ্যসকলৰ ওপৰত ৪০ শতাংশ কৰ আৰোপৰ প্ৰস্তাৱ IRS বিষয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2020 7:50 am
Step by Step guide to Filing Income Tax Returns this Year

কৰ’না ভাইৰাছৰ ফলত দেশত এক সংকটৰ পৰিস্থিতি উদ্ভৱ হৈছে। কৰ’না মহামাৰীৰ মোকাবিলাৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহৰ বাবে তৎকালীন ব্যৱস্থা হিচাপে অতি ধনাঢ্যসকলৰ ওপৰত কৰ আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে আয়কৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে।

তদুপৰি, বিদেশী কৰ্পোৰেট সংস্থাসমূহৰ ওপৰতো উচ্চ হাৰত কৰ আৰোপৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

ভাৰতীয় ৰাজহ সেৱা (IRS) সন্থাৰ ফালৰ পৰা কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ(CBDT)ৰ অধ্যক্ষ পি চি মোদীৰ হাতত এই সন্দৰ্ভত এলানি প্ৰস্তাৱ তুলি দিয়া হৈছে।

‘FORCE’ শীৰ্ষক এই প্ৰতিবেদনত চৰকাৰলৈ এলানি প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

দেশৰ জ্যেষ্ঠ এই কৰ বিষয়াসকলে অলপতে আগবঢ়োৱা এই প্ৰস্তাৱলানিত কেবল সৎ আৰু নিয়মানুৱৰ্তী লোক তথা যিসকলে সঠিক সময়ত ৰিটাৰ্ণ জমা দিয়ে সেইসকলকৰ মাজতে কৰ ৰেহাই সীমিত ৰখাৰ প্ৰস্তাৱ দিছে।

বৰ্তমান ১কোটি টকাৰ অধিক আয়ৰ লোকসকলে ৩০ শতাংশ হাৰত আয়কৰ দিবলগীয়া হয়। দেশত এইটোৱে হৈছে আয়কৰ সৰ্বোচ্চ মাত্ৰা।

এইক্ষেত্ৰত আয়কৰ বৃদ্ধি কৰি ৪০শতাংশ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে IRS বিষয়াসকলৰ এই সংস্থাটোৱে।

তেওঁলোকে যিসকলৰ আয় ৫কোটি টকাৰ অধিক তেওঁলোকৰ সম্পদ কৰ পুনৰ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে।

অৱস্যে, কৰ বৃদ্ধিৰ এই প্ৰস্তাৱ সাময়িক বুলি জানিবলৈ দিছে দেশৰ শীৰ্ষ এই ৰাজহ বিষয়াসকলৰ সংস্থাটোৱে।

তেওঁলোকে ৩মাহৰ পৰা ৬ মাহ পর্যন্ত এই কৰ আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছে।