NORTHEAST NOW (Assamese)
দেশ

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2025 12:14 pm

অপাৰেচন সিন্দুৰত ‘মেড ইন ইণ্ডিয়া’ অস্ত্ৰৰ শক্তি প্ৰমাণ পালে সমগ্ৰ বিশ্বই। সীমান্তৰ সিপাৰৰ পৰা অহা একাধিক ড্ৰ’ন ধ্বংস কৰি ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই শিৰোনাম দখল কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাজনো মন্ত্ৰী আৰু নেতাৰ ভাষণত বহুবাৰ এই বিষয়টো উত্থাপন হৈছে। কিন্তু এই অভিযানত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ অৱদান কম নাছিল।

বিশেষকৈ ইছৰোৰ উপগ্ৰহই এই অভিযানত যিদৰে সহায় কৰিছিল, সেয়া কোনো কাৰণতে কম নহয়। আৰু সেই অৱদানৰ ওপৰত আজি আলোকপাত কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে।

তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ সময়ত কমেও ৪০০ বিজ্ঞানীয়ে দিনে নিশাই কাম কৰিছিল। কেৱল সেয়াই নহয়, ইছৰোৰ বিষয়াসকলেও কয় যে উপগ্ৰহৰ পৰা লাভ কৰা নিৰাপত্তা সম্পৰ্কীয় সকলো তথ্য প্ৰতি মুহূৰ্ততে শ্বেয়াৰ কৰা হৈছিল।

ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে মঙলবাৰে অল ইণ্ডিয়া মেনেজমেণ্ট এছ’চিয়েশ্যনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। সেই অনুষ্ঠানত তেওঁ অপাৰেচন সিন্দুৰ অভিযানৰ সময়ত ইছৰোৱে কেনেদৰে সহায় কৰিছিল সেই বিষয়ে তথ্য দাঙি ধৰে। ইছৰোৰ বিষয়াগৰাকীয়ে কয় যে, “পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰৰ সময়ত সকলো উপগ্ৰহে ২৪ ঘণ্টাই কাম কৰিছিল। প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰা হৈছিল।” কেৱল সেয়াই নহয়, ভি নাৰায়ণনেও কয় যে ৪০০ গৰাকী বিজ্ঞানীয়ে দিনে নিশাই কাম কৰিছিল। তেওঁৰ মতে, সকলো উপগ্ৰহই পৃথিৱীৰ কক্ষপথত অহৰহ চকু ৰাখিছিল।