NORTHEAST NOW (Assamese)

বৈষ্ণো দেৱী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা ৫০ গৰাকী শিক্ষাৰ্থীৰ ৪২ গৰাকী মুছলমান! বিজেপিৰ প্ৰতিবাদ

November 23, 2025 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 23, 2025 5:07 pm

বৈষ্ণো দেৱী চিকিৎসা মহাবিদ্যালয়ক লৈ বিতৰ্ক অব্যাহত আছে। মহাবিদ্যালয়খনৰ প্ৰথম বেটচত নামভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ৯০ শতাংশই মুছলমান। আৰু তাৰ পাছতে জম্মু অঞ্চলত সংঘই প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এতিয়ালৈকে বিজেপিয়ে এই প্ৰতিবাদত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা নাই। অৱশেষত মৌনতা ভংগ কৰি বিজেপিৰ জম্মু-কাশ্মীৰ শাখাই নামভৰ্তি প্ৰক্ৰিয়াৰ নিয়মাৱলী পুনৰীক্ষণৰ দাবীত উপ-ৰাজ্যপাল মনোজ সিনহাক এখন স্মাৰক পত্ৰ দাখিল কৰে।

আজি জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী দলপতি সুনীল শৰ্মাৰ নেতৃত্বত এটা গোটে উপ-ৰাজ্যপালক সাক্ষাৎ কৰে। তাৰ পিছত তেওঁলোকে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। যদিও এতিয়ালৈকে বহু হিন্দুত্ববাদী দলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, তথাপিও বিজেপিয়ে কোনো বক্তব্য প্ৰকাশ কৰা নাই। এইবাৰ তেওঁলোকেও প্ৰতিবাদত অংশগ্ৰহণ কৰে।

জানিব পৰা মতে এম বি বি এছত নামভৰ্তিৰ বাবে তৃতীয় ৰাউণ্ডৰ কাউন্সেলিঙৰ বাবে দুহাজাৰ লোকক মাতি অনা হৈছিল যদিও চূড়ান্ত তালিকাত মাত্ৰ ৫০ জনৰ নামহে সন্নিবিষ্ট কৰা হৈছিল। ইয়াৰে ৪২ জন কাশ্মীৰৰ মুছলমান ছাত্ৰ। ইয়াৰে ৩৬ জন কাশ্মীৰী। জম্মুৰ পৰা ভৰ্তি হৈছে ৩ জন। ৭ জন হিন্দু আৰু এজন শিখ। আৰু ইয়াতেই হিন্দু সংগঠনৰ আপত্তি আহি পৰিছে।

প্ৰতিবাদকাৰী সকলে দাবী কৰে যে এই মহাবিদ্যালয়খন মন্দিৰ দৰ্শনাৰ্থীৰ অনুদানত নিৰ্মাণ কৰা হৈছে। ৰাজ্য প্ৰশাসনে কোনো ব্যয় কৰা নাছিল। ফলত ইয়াত হিন্দু ছাত্র-ছাত্রীৰ বাবে সুকীয়া কোটা নাথাকিলে ভক্তসকলৰ আৱেগ-অনুভূতিত আঘাত পাব পাৰে৷ ৫ নৱেম্বৰত পৰিষদৰ সাধাৰণ সম্পাদক বজৰং বাগদাই উপ-ৰাজ্যপাল মনোজ সিনহা আৰু সকলো ব’ৰ্ডৰ সদস্যলৈ এখন পত্ৰ লিখি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। হিন্দুৰ অনুদান কেৱল হিন্দুৰ বাবে ব্যৱহাৰ কৰিব লাগে বুলি দাবী জনায়।

Related News