NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : শিৱসাগৰত ৬৩৮ টা ভোট গ্ৰহণ কেন্দ্ৰত ৪২ গৰাকী আৰক্ষী-চেক্টৰ বিষয়া নিয়োজিত

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 1, 2018 7:42 am
Sivasagar DC office

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত শুকুৰবাৰে ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে  আৰু সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে আৰক্ষী প্ৰশাসন, অসামৰিক বিভাগৰ চেক্টৰ আৰু মাণ্ডলিক বিষয়াসকলৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে এখন বৈঠক অনুষ্ঠিত হয়।

জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সভাপতিত্ব কৰা উক্ত সভাত উপায়ুক্ত গৰাকীয়ে আৰক্ষী আৰু অসামৰিক বিভাগৰ পৰা নিয়োজিত সকলো মাণ্ডলিক আৰু চেক্টৰ বিষয়াসকলক পৰস্পৰৰ লগত পৰিচয় হৈ তেওঁলোকৰ কাৰ্য্য প্ৰণালী আলোচনা কৰিবলৈ আহ্বান জনায়।

বৈঠকত জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱালে কয় যে জিলাখনৰ ৬৩৮ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে ৪২ গৰাকী আৰক্ষী চেক্টৰ বিষয়া নিয়োজিত কৰা হৈছে।

জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলীয়ে চেক্টৰ বিষয়া আৰু মাণ্ডলিক বিষয়াসকলে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে বিষদভাৱে আলোচনা কৰে। কালিৰ উক্ত বৈঠকত আৰক্ষী, অসামৰিক চেক্টৰ আৰু মাণ্ডলিক বিষয়াসকলৰ মাজত পৰিচয় পৰ্বৰ আঁত ধৰে জিলা নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্ম আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিঙে।