NORTHEAST NOW (Assamese)

হত্যাৰ অভিযোগত ৪৩ বছৰ কাৰাবাস : অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল নিৰ্দোষী মহিলা

July 21, 2024 4:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

হত্যাৰ অভিযোগত কাৰাবাস খাটি থকা ৪৩ বছৰ সম্পূৰ্ণ হ’ল এগৰাকী মহিলাৰ। মহিলাগৰাকী জেললৈ যোৱাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল ৰ’নাল্ড ৰেগান। ছোভিয়েট তেতিয়াও এক মহান শক্তিশালী সংঘ আছিল।

সেই সময়ত পুথিভঁৰালৰ কৰ্মী পেট্ৰিচিয়া জেচকেক হত্যা কৰাৰ অপৰাধত জেললৈ গৈছিল বিশ বছৰীয়া চেণ্ড্ৰা হেমে। নিৰ্দেশ আছিল যাৱজ্জীৱন কাৰাদণ্ডৰ। কিন্তু টোপনিৰ বড়িৰ প্ৰভাৱত স্বীকাৰোক্তি দিয়াৰ বাহিৰে প্ৰায় কোনো প্ৰমাণ পোৱা নাছিল আৰক্ষী আৰু আদালতে।

৪৩ বছৰৰ পাছত ৬৪ বছৰীয়া চেণ্ড্ৰাক আদালতে দোষমুক্ত কৰে। সেই হত্যাকাণ্ডৰ লগত  চেণ্ড্ৰা জড়িত নহয় বুলি ৰায় দিয়ে আদালতে।

ইয়াৰ পিছতে আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘ সময় কাৰাগাৰত বন্দী হোৱা নিৰীহ হৈ পৰিল চিণ্ড্ৰা।

আমেৰিকাৰ মিছৌৰীত অনুষ্ঠিত হৈছে এই অনুষ্ঠান। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ গোচৰটো এতিয়াও চলি থাকিব। কিন্তু চাৰ্কিট কোৰ্টৰ ন্যায়াধীশ ৰিয়ান হৰ্ছমেনৰ ১১৮ পৃষ্ঠাৰ ৰায়দানত ছেণ্ড্ৰাৰ অধিবক্তাৰ যুক্তি অপ্ৰত্যাশিত বুলি ধৰা হয়। ফলত ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁৰ নিৰ্দোষতাৰ প্ৰমাণ আদালতৰ বাবে গ্ৰহণযোগ্য।

আটাইতকৈ ডাঙৰ কথাটো হ’ল স্থানীয় আৰক্ষীয়ে তেওঁক দোষী সাব্যস্ত কৰাৰ পৰিকল্পনা ৰচনা কৰিলে। আজি দেখা গৈছে যে, পৰিঘটনাৰ কালছোৱাত প্ৰাক্তন আৰক্ষী জোৱান মাইকেল হোলমেন আচলতে দোষী হ’ব পাৰে। ঘটনাৰ দিনা অঞ্চলটোত দেখা গৈছিল হোলমেনৰ গাড়ী। তাতোকৈ ডাঙৰ কথাটো হ’ল হোলমেনে হত্যা কৰা পেট্ৰিচিয়াৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল। তেওঁ দাবী কৰিছিল যে তেওঁ ইয়াক এটা খাৱৈত সংগ্ৰহ কৰিছিল।

আনকি পেট্ৰিচিয়াৰ দুটা সোণৰ কাণফুলিও হোলমেনৰ ঘৰত উদ্ধাৰ কৰা হৈছিল।

প্ৰসংগক্ৰমে পিছত আন এটা কাণ্ডত মাইকেল হোলমেনক গ্ৰেপ্তাৰ কৰা হয়। ২০১৫ চনত তেওঁৰ মৃত্যু হয়।

শুকুৰবাৰে মুকলি কৰি দিয়া হয় চেণ্ড্ৰাক। মিছৌৰীৰ কিলিকোথে নামৰ চহৰৰ জেলৰ পৰা চেণ্ড্ৰাক মুকলি কৰি দিয়া হয়।

Related News