NORTHEAST NOW (Assamese)

মাজুলীত কাৰ্য্যসূচীৰ মাজতে হঠাতে অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি

December 29, 2017 2:19 pm · এন ই নাও নিউজ
Updated: December 29, 2017 9:02 pm
মাজুলীৰ কাৰ্য্যসূচীত ভাগ লোৱা অৱস্থাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি।

সম্প্ৰতি অসম ভ্ৰমণত থকা কেন্দ্ৰীয় জলসম্পদ, নদী উন্নয়ন তথা পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰি আজি হঠাতে মাজুলীৰ এটা কাৰ্য্যসূচীৰ মাজতে অসুস্থ হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰীজন মাজুলীত ল’ব লগীয়া বান আৰু গৰাখহনীয়া আঁচনি এখনৰ আধাৰশিলা স্থাপনত উপস্থিত আছিল।

চৰকাৰী সূত্ৰসমূহে কয় যে কাৰ্য্যসূচীটোৰ মাজভাগতে গাডকাৰিৰ হঠাতে মূৰ ঘূৰণি হয় আৰু অসুস্থ হৈ পৰে। সেই সময়ত মঞ্চৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ দি আছিল। চিকিৎসক আহি কেন্দ্ৰীয় মন্ত্ৰীজনৰ ৰক্তচাপ আদিৰ লগতে সামগ্ৰিক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ঔষধ প্ৰদান কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰৰ দ্বাৰা গঠিত উচ্চ ক্ষমতাসম্পন্ন এখন কমিটিৰ অনুমোদনৰ ভিত্তিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লোৱা এই আঁচনিখনৰ মুঠ বাজেট ২৩৩.৫৭ কোটি টকা।

আঁচনিখনত অনুমোদন জনোৱাৰ পূৰ্বে কমিটিৰ সদস্যসকলে দুই-তিনিবাৰকৈ নদীদ্বীপটো ভ্ৰমণ কৰিছিল আৰু তাৰ পিছতে গৰাখহনীয়া ৰোধৰ এই আঁচনিখনত অনুমোদন জনাইছিল। তাৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে মাৰ্চ, ২০১৭ ত আঁচনিখনত সন্মতি জনায়। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি ডনাৰ মন্ত্ৰ্যালয়ৰ পৰা যোগান ধৰা হ’ব বুলি জানিব পৰা গৈছে।

মাজুলী বাসী তথা অসমৰ ৰাইজে আশা কৰিছে যে এই বৃহৎ আঁচনিখনৰ পিছত মাজুলীৰ গৰাখহনীয়া সমস্যাটোৰ এটা স্থায়ী সমাধান হ’ব পাৰে। যদিও অত বছৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লোৱা ভালেমান পদক্ষেপ ফোটোকাৰ ফেনত পৰিণত হৈছে, এই নতুন প্ৰয়াস তথা আঁচনিক লৈ দ্বীপবাসী অত্যন্ত আশাবাদী।

আনহাতে আজি মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ স্থায়ী কাৰ্য্যালয়ৰো আধাৰশিলা স্থাপন কৰা হয়।

Related News