NORTHEAST NOW (Assamese)
দেশ

আতংকিত ৰাজ্য! ৪৪ খন বিদ্যালয়লৈ একেলগে আহিল বোমাৰ ভাবুকিৰে মেইল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2023 4:19 pm
Bomb Threat to schools in Bengaluru

বোমাতংকই আতংকিত কৰি তুলিছে কৰ্ণাটক। শুকুৰবাৰে সমগ্ৰ ৰাজ্যখনৰ ৪৪খন বিদ্যালয়ে বেনামী ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰিছে। এই ভাবুকিয়ে আতংকৰ সৃষ্টি কৰিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিদ্যালয় কৰ্তৃপক্ষৰ মাজত।

বাসৱেশ্বৰ নগৰৰ নাপেল আৰু বিদ্যাশিলপাকে ধৰি সাতখন বিদ্যালয়ক লক্ষ্য কৰি পোন প্ৰথমে ভাবুকি প্ৰদান কৰা জানিব পৰা গৈছে। লক্ষণীয়ভাৱে ভাবুকিৰ সন্মুখীন হোৱা এখন বিদ্যালয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বাসগৃহৰ বিপৰীতে অৱস্থিত।

এই সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে সাংবাদিকৰ আগত উল্লেখ কৰা মতে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ সময়ত তেওঁ টিভি চাই আছিল আৰু ঘৰৰ বিপৰীতে থকা বিদ্যালয়খনেও ভাবুকি পোৱা বুলি জানিব পাৰি তেওঁ লগে লগে ঘটনাৰ বুজ ল’বলৈ বিদ্যালয়খনত উপস্থিত হয়।

ইয়াৰ কিছু সময়ৰ পাছতে আৰু কেইবাখনো শিক্ষানুষ্ঠানে ইমেইলৰ জৰিয়তে একেধৰণৰ ভাবুকি লাভ কৰে। ভাবুকিৰ পিছতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাংগালুৰু আৰক্ষীয়ে বিদ্যালয়সমূহৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক উলিয়াই আনে।

আৰক্ষীয়ে এই বোমাৰ ভাবুকি কোনো দুষ্টচক্ৰৰ ভুৱা ভাবুকি হ’ব পাৰে বুলি ইংগিত প্ৰদান কৰিছে যদিও বোমা নিষ্কাশন স্কোৱাডৰ সহায়ত বিদ্যালয়সমূহৰ চৌহদত পুংখানুপুংখ তালাচী চলাইছে। এতিয়ালৈকে কোনো এখন বিদ্যালয়তে বোমাৰ উপস্থিতি নিশ্চিত কৰা নাই আৰক্ষীয়ে।

বেংগালুৰু আৰক্ষী আয়ুক্তগৰাকীয়ে ঘটনা সন্দৰ্ভত এক টুইট যোগে ভাবুকিৰ বিষয়ে উল্লেখ কৰি তৎকালীন পদক্ষেপ গ্ৰহণৰ বিষয়েও সদৰী কৰে আৰু অপৰাধীক বিচাৰি উলিয়াবলৈ সকলো প্ৰচেষ্টা চলোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াহে এই বিষয়ৰ তদন্তৰ নিৰ্দেশ দিছে।

তেওঁ এই বিষয়ত অভিভাৱকসকলে আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আশ্বস্ত কৰে। বিদ্যালয়সমূহ পৰিদৰ্শন কৰি নিৰাপত্তা বৃদ্ধি কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে আৰু আৰক্ষীয়ে প্ৰাথমিক প্ৰতিবেদন দিয়া বুলিও তেওঁ সদৰী কৰে।

উল্লেখ্য যে, যোৱা বছৰো বাংগালুৰুৰ বহু ব্যক্তিগত বিদ্যালয়ে একে ধৰণৰ ইমেইল ভাবুকি লাভ কৰিছিল। এনে ভাবুকিক লৈ তৎকালীন পদক্ষেপ গ্রহণ কৰাৰ পিছত সেই সকলোবোৰ ভুৱা ভাবুকি বুলি প্ৰমাণিত হৈছিল। আৰক্ষীয়ে আজিৰ এই ভাবুকিৰ ক্ষেত্ৰতো তেনে সম্ভাৱনাই প্ৰকাশ কৰিছে।