NORTHEAST NOW (Assamese)
দেশ

পচন্দৰ কন্যা বিচাৰিব নোৱাৰাৰ দোষ! ইটাৰ প্ৰহাৰেৰে মাতৃক হত্যা পুত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2023 2:50 pm
woman murdered by son

এজন বিবাহৰ আশাত বন্দী যুৱক। এই যুৱকগৰাকীয়ে হত্যা কৰিছে নিজ মাতৃক। হত্যাৰ আঁৰৰ কাৰণ জানিব পাৰিলে চকু কপালত উঠিব আপোনাৰ। পুত্ৰৰ হাতত প্ৰাণ যোৱা মহিলাগৰাকীৰ দোষ, তেওঁ বিচাৰি দিব পৰা নাছিল পুত্ৰক এগৰাকী পচন্দৰ কন্যা!

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ছিদ্দিপেট জিলাত। বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে পুত্ৰই পচন্দ অনুসাৰে বিচাৰি থকা উপযুক্ত পাত্ৰীৰ সন্ধান দিব নোৱাৰাৰ বাবেই হত্যাৰ বলি হৈছে এই ৪৫ বৰ্ষীয় মহিলাগৰাকী।

ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ কন্যাই স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিৰ্দিষ্ট ধাৰাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত মহিলাগৰাকীৰ পুত্ৰৰ লগতে তেওঁক সহায় কৰাৰ অভিযোগত আন এগৰাকী আত্মীয় লোকক গ্ৰেপ্তাৰ কৰে।

তদন্তৰ সময়ত দুঢ়োগৰাকীয়েই অপৰাধ স্বীকাৰ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। ইফালে হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে আন এক চাঞ্চল্যকৰ কথা উল্লেখ কৰিছে।

মহিলাগৰাকীক অভিযুক্তই ইটা ব্যৱহাৰ কৰি হত্যা কৰে যদিও আৰক্ষীক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ ডিঙি ফালি ভৰি কাটি পেলায় বুলিও আৰক্ষীয়ে জানিবলৈ দিছে।