NORTHEAST NOW (Assamese)
অসম

৪৮ অসম নেভেল ইউনিট এনচিচিৰ উদ্যোগত ট্ৰেইনিং কেম্প ২০২২ বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী August 2, 2022 8:27 pm
৪৮ অসম নেভেল ইউনিট এনচিচিৰ উদ্যোগত ট্ৰেইনিং কেম্প ২০২২ বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান

১৫ আগষ্টৰ বাবে একসপ্তাহ জোৰা কাৰ্যসূচীৰ লগত সংলগ্ন ৰাখি দ্বীপৰ বীল চাফা কৰা কার্যসূচীও গ্ৰহণ কৰিব এন চিচিয়ে।

মঙ্গলবাৰে বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৪৮ অসম নেভেল উনিত এনচিচিৰ ট্ৰেইনিং কেম্প ২০২২ বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান।

এইবাৰ প্ৰথম বাৰৰ বাবে ট্ৰেইনিং কেম্পৰ পাছত এইদৰে লৰা- ছোৱালীৰ প্ৰতিভা দাঙি ধৰিবলৈ সুযোগ প্ৰদান কৰে ৪৮ অসম নেভেল ইউনিট এনচিচিয়ে।

অনুষ্ঠানত উপস্থিত থাকে ৪৮ অসম নেভেল ইউনিত এনচিচিৰ শীৰ্ষতম বিষয়া সকলৰ লগতে উপ আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই। তাৰেই লগতে ট্ৰেইনিং কেম্পত যোগদান কৰা গুৱাহাটীৰ শিক্ষা খণ্ডৰ এন চিচিৰ কৰ্মচাৰীৰ সন্তানসকলে ।

এই ট্ৰেইনিং কেম্পত উপস্থিত হৈ LT CDR দেবানন্দ দলেই কয় ” পোন প্ৰথমবাৰৰ বাবে এইবাৰ ট্ৰেইনিং কেম্পৰ পাছত এইদৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। একেদৰে ১৫ আগষ্টৰ স্বাধীনতা দিৱৰ বাবেও ৭ দিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত কাৰ্যসূচীত ৰক্তদানৰ লগতে দ্বীপৰ বিল চাফা কৰা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। লগতে থাকিব চাইকেল ৰেলীও।”