NORTHEAST NOW (Assamese)

অন্যতম জনপ্ৰিয় বিদেশী টি-২০ লীগত খেলা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হ’ব টাম্বে

July 7, 2020 11:59 am · এন ই নাও নিউজ

মুম্বাইৰ প্ৰাক্তন স্পিনাৰ প্ৰবীণ টাম্বেক কেৰিবিয়ান প্ৰীমিয়াৰ লীগৰ দল ট্ৰিনবাগো নাইট ৰাইডাৰ্ছে নিলামৰ জৰিয়তে নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে।

এই চুক্তিবদ্ধৰ লগে লগে প্ৰবীণ টাম্বে হৈ পৰিল কেৰিবিয়ান প্ৰিমিয়াৰ লীগ খেলা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ।

প্ৰথম শ্ৰেণী ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ৪৮ বছৰীয়া টাম্বেইক চি পি এলত অংশ গ্ৰহণৰ বাবে এতিয়া প্ৰয়োজন বি চি চি আইৰ পৰা এখন প্ৰমাণপত্ৰ।

চি পি এলৰ ছয়টা ফ্ৰেঞ্চাইজিয়ে ১৮ আগষ্টৰ পৰা ১০ ছেপ্তেম্বৰলৈকে চলিব লগা টুৰ্ণামেণ্টৰ বাবে নিজৰ নিজৰ দল সমূহ নিৰ্বাচিত কৰে।

ক’ভিড-১৯ মহামাৰীৰ কাৰণে বিনা দৰ্শকেৰে টুৰ্ণামেণ্টৰ মেচ সমূহ অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত চি পি এলৰ তৰফৰ পৰা কয়, ‍‘অনলাইনযোগে অনুষ্ঠিত হোৱা নিলামত ৬ টা দলে কেৰিবিয়ানৰ লগতে বিদেশী খেলুৱৈকে নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ভিতৰত আছে ৰাছিদ খান, মাৰ্কছ ষ্টইনিছ, ৰচ টেইলৰ, টাম্বে আৰি কাৰ্লছ ব্ৰেথৱেইটৰ দৰে ক্ৰিকেটাৰ’।

উল্লেখ্য যে প্ৰবীণ টাম্বেই ৪১ বছৰ বয়সত আই পি এলত পদাৰ্পণ কৰি সবাটোকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল। তেওঁ আই পি এলত ৩৩ খন মেচত অংশ লৈ ২৮ টা উইকেট দখল কৰিছিল।

Related News