NORTHEAST NOW (Assamese)
জীৱনশৈলী

৫ টা খাদ্য : যিয়ে মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2023 7:03 am

আমি খোৱা খাদ্যই কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰতেই যে প্ৰভাৱ পেলাই তেনে নহয়, আমি খোৱা খাদ্যই আমাৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়।

আমাৰ পাচন তন্ত্ৰক আমাৰ ‘দ্বিতীয় মগজু’ বুলি কোৱা হয়। আমাৰ পাচন তন্ত্ৰত থকা লাখ লাখ মাইক্ৰ’বায়’মৰ নামৰ অনুজীৱই আমাৰ পাচন তন্ত্ৰক আমাৰ স্নায়ুৰ লগত অনবৰতে সংযোজিত কৰি ৰাখে। ইয়ে আমাৰ মনমেজাজ নিয়ন্ত্ৰণ কৰাত প্ৰভাৱ বিস্তাৰ কৰে।

আমাৰ পাচন তন্ত্ৰ আৰু আমাৰ মগজুৰ মাজত সংযোগ আছে। সেয়ে স্বাস্থ্যকৰ খাদ্যই আমাৰ মনমেজাজ সুস্থিৰ কৰি ৰাখে। কিন্তু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ ফলত আমাৰ পাচন তন্ত্ৰত সৃষ্টি হোৱা বেক্টেৰিয়াই আমাৰ মন মগজুত কুপ্ৰভাৱ পেলায়। যাৰ বাবে আমাৰ মন সুস্থিৰ হৈ নাথাকে।

কেৱল এয়াই নহয়, পুষ্টিৰ ভাৰসাম্যহীনতাই আমাৰ মানসিক অৱস্থাৰ ওপৰত বহু পৰিমাণে কুপ্ৰভাৱ পেলাব পাৰে। আনহাতে প্ৰ’বায়’টিক আৰু প্ৰিবায়’টিকে আমাৰ পাচনতন্ত্ৰ সুস্থ আৰু সুষম কৰি ৰাখে।

কিছুমান বিশেষ খাদ্য আছে যিবোৰ খাদ্য খাই আমি ভাল পালেও পিছত সেই খাদ্য আমাৰ মানসিক চাপ বৃদ্ধিৰ কাৰক হৈ পৰিব পাৰে।

ইয়াত কিছুমান খাদ্য উল্লেখ কৰা হ’ল যিবোৰ আমি সঘনাই সেৱন কৰাটো এৰাই চলিব লাগে। কাৰণ এইসমূহ খাদ্যই আমাৰ মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰে।

চেনিযুক্ত খাদ্য

চেনিৰ লগত মানসিক উদ্বেগ আৰু মনমেজাজৰ পৰিৱৰ্তনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। চেনিযুক্ত খাদ্য যেনে কেক, পেষ্ট্ৰি আদি খোৱাৰ ফলত আমাৰ তেজত বিশেষ ৰসায়নিক বিক্ৰিয়া ঘটে। যিয়ে আমাৰ শৰীৰৰ শক্তি অসন্তোলিত কৰিব পাৰে। যাৰ ফলত আমাৰ মনত উদ্বেগ আৰু চাপৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

কফি

কফিত থকা কেফেইন নাম পদাৰ্থই আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰে। অত্যধিক কফি সেৱনৰ ফলত হৃদস্পন্দন অস্বাভাৱিক হোৱাৰ লগতে ই আমাৰ মনটো খিংখিঙীয়া কৰিব পাৰে। অত্যধিক কফি সেৱনে অনিদ্ৰাৰো সৃষ্টি কৰিব পাৰে। শিথিলতা আৰু মেজাজ নিয়ন্ত্ৰণত সহায় কৰা তেজৰ ‘খাদ্যপ্ৰাণ খ’ক কেফেইনে বিকল কৰি দিব পাৰে।

ৰিফাইন

ৰিফাইনত থকা কলেষ্টৰলে শৰীৰত প্ৰয়োজনতকৈ অধিক চেনিৰ সৃষ্টি কৰে। যাৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। ই মনটো অস্থিৰ কৰি তোলে।

ভজা খাদ্য

জাংক ফুড আৰু ফ্ৰাইড ফুড, যেনে পিজ্জা, ফ্ৰাইড চিকেন আদি হজম কৰাটো আমাৰ পাচন তন্ত্ৰৰ বাবে অত্যন্ত কঠিন। যেতিয়া শৰীৰে খাদ্য হজম কৰিব নোৱাৰে তেতিয়া অতিৰিক্ত গেছ, এচিড ৰিফ্লাক্স, আৰু অন্যান্য গেষ্ট্ৰাইটিছৰ সমস্যাই মানসিক উদ্বেগ সৃষ্টি কৰিব পাৰে।

কৃত্ৰিম মিঠা দ্ৰব্য

কৃত্ৰিম মিঠাই হৈছে প্ৰাকৃতিক চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা পদাৰ্থ। এক অধ্যয়নত প্ৰকাশ পাইছে যে NNS (non-nutritive sweeteners) ব্যৱহাৰ কৰিলে আমাৰ শৰীৰত মানসিক চাপ বৃদ্ধি পাব পাৰে।