NORTHEAST NOW (Assamese)
Popular Stories

জন্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ যৌথ অভিযান, ৫ লস্কৰ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 26, 2023 7:35 pm
Encounter in Jammu Kashmir

জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা বা এল অচিত অনুপ্ৰেৱশৰ বাবে চেষ্টা কৰি থকা পাঁচগৰাকী লস্কৰ-ই-তৈয়বাৰ সন্ত্ৰাসাবাদী আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত নিহত হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আজি বৃহস্পতিবাৰে কুপোৱাৰা জিলাৰ মচিল ছেক্টৰত এই অভিযান চলোৱা হৈছিল। প্ৰাৰম্ভিক গুলীচালনাত দুজন সন্ত্ৰাসবাদী নিহত হয় আৰু তাৰ পিছত দুয়োপক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ সময়ত অন্য তিনিজন সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীৰ মতে, নিহত সন্ত্ৰাসবাদীকেইজন লস্কৰ-ই-তৈয়বা সদস্য।

জন্মু আৰু কাশ্মীৰৰ আৰক্ষীৰ সঞ্চালক প্ৰধান দিলবাগ সিঙে কয় যে সমগ্ৰ এল অচিত এতিয়াও ১৬ টা সন্ত্ৰাসবাদী লঞ্চিং পেড কাৰ্যক্ষম হৈ আছে আৰু পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীক অনুপ্ৰৱেশৰ বাবে প্ৰেৰণৰ চেষ্টা চলি আছে।

বুধবাৰে শ্ৰীনগৰস্থিত ১৫ কৰ্পছৰ মুখ্য কাৰ্যালয়ত জম্মু আৰু কাশ্মীৰৰ শীৰ্ষ বিষয়া আৰু নিৰাপত্তা সংস্থাসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাশ্মীৰত বিদেশী সন্ত্ৰাসবাদীৰ সক্ৰিয়তাৰ বিষয়টোৱে প্ৰাধান্য পাই বুলিও কোৱা হৈছে।

এজন বিষয়াই কয় যে সন্ত্ৰাসবাদী সংগঠনসমূহত স্থানীয় নিযুক্তিৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ লগে লগে বিদেশী সন্ত্ৰাসবাদীৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই বছৰ নিহত হোৱা ৪৬ জন সন্ত্ৰাসবাদীৰ ভিতৰত ৩৭ জন পাকিস্তানী আৰু মাত্ৰ ৯ জন স্থানীয় লোক বুলি চৰকাৰী তথ্য প্ৰকাশ পাইেছে।

গৃহ মন্ত্ৰালয়ে জনোৱা মতে, বৰ্তমান উপত্যকাটোত প্ৰায় ১৩০ জন সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে আৰু ইয়াৰে অৰ্ধেক সংখ্যকেই হৈছে বিদেশী সন্ত্ৰাসবাদী।