NORTHEAST NOW (Assamese)
Popular Stories

বিদ্যালয়লৈ জিন্স পিন্ধি অহা পাঁচ গৰাকী শিক্ষকক কাৰণ দৰ্শোৱা জাননী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 3:54 pm

দেশত পূৰ্বে কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা মহাৰাষ্ট্ৰৰ আদিবাসী জিলা পালঘৰত সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে পালঘৰৰ এখন বিদ্যালয়ৰ পাঁচগৰাকী শিক্ষকে স্কুললৈ জিন্স পিন্ধি অহাৰ বাবে তেওঁলোকক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।

বিক্ৰমগড় তহচিলৰ শিক্ষা বিভাগে পাঁচোগৰাকী শিক্ষকলৈ এই জাননী জাৰি কৰিছে।

চৰকাৰৰ নিয়ম অনুসৰি শিক্ষকসকলে শালীনতা বজাই ভাল কাপোৰ পিন্ধি বিদ্যালয়লৈ আহিব লাগে।

এই শিক্ষক কেইগৰাকীয়ে অহা দুদিনৰ ভিতৰত কাৰ্যালয়লৈ আহি তেওঁলোকৰ উত্তৰ দিব লাগিব। নিৰ্ধাৰিত সময়ত উত্তৰ নিদিলে তেওঁলোকৰ ওপৰত পৰৱৰ্তী ব্যৱস্থা লোৱা হ’ব।

মহাৰাষ্ট্ৰ চৰকাৰে চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে এটা ড্ৰেছ কোড ৰূপায়ণ কৰিছে। এই ড্ৰেছ কোড অনুসৰি, এতিয়া চৰকাৰী কাৰ্যালয়ত জিন্স পিন্ধিব নোৱাৰে।

কৰ্তব্যৰ সময়ত ক’ত, কেনেকৈ আৰু কি কাপোৰ পিন্ধিব লাগে তাৰ বাবে এটা বিজ্ঞপ্তি জাৰি কৰিছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে যেতিয়া চৰকাৰে এই নিয়মটো প্ৰৱৰ্তন কৰিছিল তেতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

এই নিয়মৰ আঁৰত চৰকাৰৰ উদ্দেশ্য আছিল চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতি জনসাধাৰণৰ মনোভাৱ সলনি কৰা।