NORTHEAST NOW (Assamese)
Popular Stories

প্ৰতিবাদকাৰীৰ পৰা ল’লে ‘৫০০ টকাৰ মাচুল’! ‘মতবিৰোধৰ ওপৰত কৰ’ আখ্যা বিৰোধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2025 3:25 pm
প্ৰতিবাদকাৰীৰ পৰা ল’লে ‘৫০০ টকাৰ মাচুল’! ‘মতবিৰোধৰ ওপৰত কৰ’ আখ্যা বিৰোধীৰ

ৰায়পুৰ পৌৰ নিগমে এতিয়াৰে পৰা প্ৰতিবাদ বা বিক্ষোভ প্ৰদৰ্শন অনুষ্ঠিত কৰাৰ বাবে ৫০০ টকাৰ বাধ্যতামূলক মাচুল (Fees) আৰোপ কৰিছে।

খবৰ অনুসৰি, বিৰোধী পক্ষ আৰু সমালোচকসকলে এই পদক্ষেপক কঠোৰ ভাষাৰে গৰিহণা দি ইয়াক অগণতান্ত্ৰিক আৰু “অসন্মতি বা মতবিৰোধৰ ওপৰত কৰ” বুলি অভিহিত কৰিছে।

এই সিদ্ধান্তটো এনে এক সময়ত লোৱা হৈছে, য’ত ৰায়পুৰৰ জিলা আয়ুক্ত ডাঃ গৌৰৱ সিঙে চলি থকা নিৰ্মাণ কাৰ্যৰ বাবে মহানগৰীৰ মূল প্ৰতিবাদস্থলী টুটা ধৰ্ণা স্থানত দুমাহৰ বাবে প্ৰতিবাদ নিষিদ্ধ কৰিছে।

ফলস্বৰূপে, নাগৰিকসকলে আপাততঃ প্ৰতিবাদ কৰিবলৈ অনুমোদিত ঠাই পোৱাৰ পৰা বঞ্চিত হৈছে। লগতে, নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত প্ৰতিবাদ কৰিবলৈ ধন দিব লাগিব বুলি দিয়া চৰকাৰী নিৰ্দেশকো তেওঁলোকে কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু পৌৰ নিগমৰ মেয়ৰ মীনল চৌবেয়ে অৱশ্যে এই নতুন মাচুলৰ পক্ষ লৈ কয় যে এই মাচুল ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰিহে কৰা হৈছে।

কিন্তু, বিৰোধী দলৰ নেতা আৰু কৰ্মীসকলে এই যুক্তি নাকচ কৰি কয় যে ৰাজহুৱা বিষয়ত মানুহক মাত মাতিবলৈ নিৰুৎসাহিত কৰিবলৈহে এই নীতি প্ৰস্তুত কৰা হৈছে।