NORTHEAST NOW (Assamese)
Popular Stories

পথৰ ওপৰেৰে ভাহিল ৫০০০০ লিটাৰ ৰেড ৱাইন, ছ’চিয়েল মিডিয়াত বিভিন্নজনৰ দুখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2020 1:57 pm

পথৰ ওপৰেৰে ৱাইনৰ নদী বৈ যোৱা দৃশ্য দেখিলে আপুনি নিশ্বয় অবাক হৈ পৰিব। আপুনি, মই অবাক হ’বলগীয়া এনে ঘটনা এটা সংঘটিত হৈছে স্পেইনৰ কোনো অঞ্চলৰ এটা পথত।

বৰ্তমান এই দৃশ্য ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈ পৰিছে।

স্পেইনৰ উক্ত পথটোত হঠাতে হাজাৰ হাজাৰ লিটাৰ ৰেড ৱাইন ভাহি অহা দৃশ্য কোনোবা লোকে মোবাইলত বন্দী কৰি ৰাখে আৰু শুকুৰবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ভিডিঅ’টোত স্পষ্ট ৰূপত দেখা পোৱা যায় যে পথৰৰ ওপৰেৰে ভাহি অহা সেয়া ৰেড ৱাইন।

পথৰ ওপৰেৰে হাজাৰ হাজাৰ লিটাৰ ৰেড ৱাইন ভাহি যোৱা দৃশ্য দেখি বহু লোকে দুখো প্ৰকাশ কৰে। একাংশই এই ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ইমান দামী মদ ভাহি যোৱাৰ বিপৰীতে যদি আমি পালো হেতেন।

জানিব পৰা মতে, স্পেইনৰ এটা ৱাইন ফেক্টৰিৰ কণ্টেনাৰ ফাটি যোৱাৰ বাবে ৫০ হাজাৰ লিটাৰ ৰেড ৱাইন পানীৰ দৰে পথৰৰ ওপৰেৰে ভাহি যায়।

ভিভিঅ’টোত বেডোগাছ ভিটিনাছ ৱাইন ফেক্টৰিৰ কণ্টেনাৰৰ পৰা ৰেড ৱাইন ওলাই থকা স্পষ্ট ৰূপত দেখা পোৱা যায়। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো ৰঙা ৰঙা হৈ পৰে।

এইদৰে ৰেড ৱাইন পথৰ ওপৰেৰে ভাহি যোৱা দৃশ্যক লৈ তীব্ৰ চৰ্চা হোৱাৰ লগতে ছ’চিয়েল মিডিয়াত বিভিন্ন মীম শ্বেয়াৰ হোৱাও পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বেডোগাছ ভিটিনাছৰ স্থাপন ১৯৬৯ চনত হৈছিল।